দেশত ক্ৰমাৎ বাঢ়িছে ক’ভিডৰ অ’মিক্ৰন ভেৰিয়েণ্টত আক্ৰান্ত লোকৰ সংখ্যা ৷ দেশৰ বিভিন্ন প্ৰান্তত নতুনকৈ চিনাক্ত হৈছে অ’মিক্ৰনত আক্ৰান্তৰ সংখ্যা ৷ আজিৰ দিনটোলৈ ভাৰতত অ’মিক্ৰনত আক্ৰান্ত লোকৰ সংখ্যাই ৬০ ৰ ঘৰ অতিক্ৰম কৰিছে ৷ তামিলনাডু আৰু পশ্চিমবংগত এজনকৈ নতুনকৈ অ’মিক্ৰনত আক্ৰান্ত ৰোগী ৷ দেশৰ ভিতৰতে সর্বাধিক অ’মিক্ৰনত আক্ৰান্ত ৰোগী চিনাক্ত হোৱা মহাৰাষ্ট্ৰত পুনৰ ৪ জন লোক নতুনকৈ আক্ৰান্ত হৈছে ৷ ইয়াৰে ৩ জন পুৰুষ আৰু এগৰাকী মহিলা ৷ আটাইকেউজন আক্ৰান্ত ১৬ ৰ পৰা ৬৭ বছৰ বয়সৰ লোক ৷ আনহাতে, কলকাতাত আক্ৰান্ত হোৱা ৭ বছৰীয়া শিশুটো আবু ধাবিৰ পৰা ওভতি আহিছিল ৷ কেৰেলাতো নতুনকৈ চাৰিজন অ’মিক্ৰনত আক্ৰান্ত ৰোগী চিনাক্ত হৈছে ৷ ক’ত কিমান জন অ’মিক্ৰনত আক্ৰান্ত হৈছে-
- মহাৰাষ্ট্ৰ -৩২
- ৰাজস্থান ১৭
- গুজৰাট ৪
- কর্ণাটক ৩
- কেৰেলা ৫
- অন্ধ্ৰ প্ৰদেশ ১
- দিল্লী ৬
- চণ্ডীগড় ১
- পশ্চিমবংগ ১
- তেলেংগানা ১
- তামিলনাডু ১