ক’ভিডৰ নতুন ভেৰিয়েন্টক লৈ শংকিত হৈ পৰিছে বিশ্ববাসী ৷ পূর্বতকৈয়ো অধিক শক্তিশালী ৰূপত আ্ত্মপ্ৰকাশ কৰা এই ভেৰিয়েন্টৰ নতুন নাম দিছে বিজ্ঞানীমহলে ৷ দক্ষিণ আফ্ৰিকাত সংক্ৰমন ঘটা এই নতুন ভেৰিয়েন্টৰ নাম দিছে অ’মিক্ৰন ৷ বিশ্ব স্বাস্থ্য সংস্থাৰ বিজ্ঞানীয়ে বি ১.১.৫২৯ নামৰ ভেৰিয়েন্টৰ নতুন নাম প্ৰদান কৰাৰ লগতে বিপদজনক বুলি অভিহিত কৰিছে ৷ দক্ষিন আফ্ৰিকাৰ বিজ্ঞানীয়ে চিনাক্ত কৰা নতুন ভেৰিয়েন্ট আন দুখন নতুন দেশত সংক্ৰমনৰ তথ্য পোহৰলৈ আহিছে ৷ ইজৰাইল আৰু বেলজিয়ামত নতুনকৈ ধৰা পৰিছে অ’মিক্ৰন ক’ভিড ভেৰিয়েন্ট ৷ বটছৱানা আৰু হংকঙতো এই নতুন ভেৰিয়েন্টৰ সংক্ৰমন ঘটিছে ৷ সম্পূর্ণ ভেকচিন লাভ কৰা লোকসকলো আক্ৰান্ত হৈছে এই নতুন ভেৰিয়েন্টত ৷ ইজৰাইলত বুষ্টাৰ ড’জ লাভ কৰা এজন ব্যক্তিয়ো নতুন ভেৰিয়েন্টৰ চিকাৰ হৈছে ৷ ইপিনে অহা ১৫ ডিচেম্বৰৰ পৰা ভাৰতে আন্তঃৰাষ্ট্ৰীয় বিমানৰ চলাচল স্বাভাৱিক কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ অৱশ্যে এই ভেৰিয়েন্টত আক্ৰান্ত দেশৰ যাত্ৰীসকলক কঠোৰ পৰীক্ষা কৰাৰো সিদ্ধান্ত গ্ৰহন কৰিছে ভাৰত চৰকাৰে ৷