গুৱাহাটী ঃ ২৫ জুন– প্ৰাথমিক শিক্ষক সন্মিলনীয়ে প্ৰধান শিক্ষকৰ পদ সৃষ্টিৰ বাবে চলাই থকা কাৰ্যসূচী ক্ৰমে ৰাইজৰ ওচৰলৈ আগবাঢ়িছে।। আন্দোলনৰ ধাৰাবাহিকতা ৰক্ষা কৰি নিখিল বড়ো প্ৰাথমিক শিক্ষক সন্থা, সদৌ অসম টেট উৰ্ত্তীৰ্ণ শিক্ষক সমাজ আৰু ষ্টেটপুল শিক্ষক সন্থাৰ সহযোগত আজি পুণৰ এলানি কাৰ্যসূচী ঘোষণা কৰিছে। ঘোষিত কাৰ্যসূচী অনুসৰি পদ হীন পদত দায়িত্ব দি চৰকাৰে প্ৰদান কৰা তিনিশ টকীয়া দায়িত্ব বানচ জুলাই মাহৰ পৰা গ্ৰহণ নকৰাৰ স্ব-ইচ্ছাৰ ঘোষণা পত্ৰ ১৯ জুলাইত খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ হাতত জমা দিব। আনহাতে এক জুলাইৰ পৰা দহ জুলাইলৈ খণ্ড ভিত্তিত মত বিনিময় সভা অনুষ্ঠিত কৰিব। ইতিমধ্যে সংগ্ৰহিত গণ স্বাক্ষৰ ৪ জুলাই তাৰিখে মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰিব।আনহাতে ৰাজ্যখনৰ কোনো কোনো শিক্ষাখণ্ডত আৰক্ষী ব্যৱহাৰ কৰি চলোৱা দমন পীড়নক সন্মিলনীয়ে তীব্ৰ নিন্দা কৰি কয় যে, পুনৰাই এনে ঘটনা সংঘটিত হলে তাৎক্ষণিক সিদ্ধান্তৰে ৰাজ্যৰ সকলো খণ্ড শিক্ষা বিষয়াৰ কাৰ্যালয়ত দুই ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰিব। সন্মিলনীৰ সভাপতি অখিল চন্দ্ৰ নাথ আৰু প্ৰধান সম্পাদক ৰাতুল চন্দ্ৰ গোস্বামীয়ে কয় যে, শিক্ষা সেতু পোৰ্টেলত অসহযোগৰ কাৰ্যসূচী সম্পূৰ্ণ সফলভাবে চলিছে। শিক্ষামন্ত্ৰীয়ে যিমানেই পোৰ্টেলত শিক্ষকে তথ্য প্ৰদান কৰিছে বুলি নকওক কিয় কোনো প্ৰাথমিক শিক্ষকে নিজে একো কৰা নাই। পোৰ্টোলত তথ্য ভৰ্তিৰ তাৰিখ বাৰে বাৰে বৃদ্ধি কৰিব লগা হোৱাটোৱে প্ৰমাণ কৰিছে। কাৰ্যালয়ৰ সহায়কক লগাই ভুলে শুদ্ধই দাতা ভৰাই, সমস্ত প্ৰশাসন আৰু পুলিচ লগাই শিক্ষাসেতুত শিক্ষকৰ নাম সোমাই দিলেই শিক্ষকৰ ক্ষোভ শেষ নহয়।। তথ্য আপলোড হোৱা বুলি কলেই শিক্ষা সেতুৰ সহযোগ নাপাব। এই কথা স্পষ্ট যে, প্ৰধান শিক্ষকৰ পদ সৃষ্টি নোহোৱা পৰ্যন্ত এই সংগ্ৰাম অৱ্যাহত থাকিব। পাঠদানত যতি নপৰাকৈ সংগ্ৰাম চলিব। কিন্তু যেতিয়াই বিভাগে সংগ্ৰাম দমনৰ চেষ্টা কৰিব তেতিয়াই সংগ্ৰাম শ্ৰেণীকোঠা এৰি ৰাজপথ পাব। একেটা বিবৃতিতে ‘‘শিক্ষক ভিন্ন প্ৰজাতিৰ’’‘, ‘‘শিক্ষকৰ মুৰত মাল নাই’’ জাতীয় তৰল মন্তৱ্যৰে নিজৰ ব্যৰ্থতাৰ বাবে হোৱা হতাশাৰ প্ৰতিফলন ঘটাই শিক্ষামন্ত্ৰীয়ে সংবাদ শিৰোনাম দখল কৰি ৰাজ্যখনৰ শৈক্ষিক ক্ষেত্ৰখন কলংকিত কৰিছে। শিক্ষামন্ত্ৰীৰ যোগ্যতাক সন্দেহ কৰাবলৈ বাধ্য কৰাইছে। প্ৰাথমিক বিদ্যালয়ৰ পদ নোহোৱা পদৰ বিপৰীতে সেৱা আগবঢ়াই কি কি আৰ্থিক কাম কৰি আছে তাৰ তালিকা দি পদ নোহোৱাকৈয়ে প্ৰাথমিক শিক্ষকে বিদ্যালয়খনৰ বাবে কিমান কাম কৰে তাক নিজ মুখে প্ৰকাশ কৰা বাবে ধন্যবাদ জ্ঞাপন কৰিছে। পদহীন পদৰ দায়িত্ব দি বিভাগে লাখ লাখ টকা ব্যৱহাৰ কৰিবলৈ বাধ্য কৰাইছে তাৰ তদন্তৰ পোষকতা কৰা বাবে সন্মিলনীয়ে স্বাগতম জনাইছে। কোনখন বিত্তীয় নিয়মৰ আধাৰত পদ হীন পদত দায়িত্ব দিয়াৰ বিধিগত অনুমতি আছে তাক প্ৰথমে ঘোষণা কৰাৰো আহ্বান জনাইছে। সন্মিলনীয়ে প্ৰধান শিক্ষকৰ পদ সৃষ্টিৰ দাবীত চলি থকা সংগ্ৰামলৈ সহযোগ আগবঢ়োৱা সকলো ছাত্ৰ-যুৱ সংগঠন আৰু জাতীয় সংগঠন সমূহলৈ কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে পৰৱৰ্তী কাৰ্যসূচী সমহো শিক্ষক সমাজ একত্ৰিত হৈ থাকি সফল কৰিবলৈ আহ্বান জনাইছে।