VOICE 24x7
Friday, May 9, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

১৫ নৱেম্বৰত বিশ্বৰ জনসংখ্যা হ’বগৈ ৮ বিলিয়ন

২০২৩ চনত বিশ্বৰ সৰ্বাধিক জনবহুল ৰাষ্ট্ৰ হিচাপে স্থান লাভ কৰিব ভাৰতে

voicedesk by voicedesk
November 12, 2022
in মুখ্য সংবাদ
১৫ নৱেম্বৰত বিশ্বৰ  জনসংখ্যা হ’বগৈ ৮ বিলিয়ন
0
SHARES
18
VIEWS
Share on FacebookShare on Twitter

যদিও বিভিন্ন ৰোগৰ বাবেই হওঁক বা দুৰ্ঘটনাৰ ফলতেই হওঁক সমগ্ৰ বিশ্বতে প্ৰতিদিনেই বহু লক্ষ লক্ষ লোকৰ মৃত্যু ঘটি আছে তথাপি বিশ্বৰ জনসংখ্যা হ্ৰাস পোৱা নাই ৷ কিয়নো মৃত্যুৰ অনুপাতে হ্ৰাস পোৱা নাই জন্মৰ হাৰ ৷

‘ফ্ৰী প্ৰেছ জাৰ্নেল’ নামৰ এক সংবাদ মাধ্যমৰ  প্ৰতিবেদন অনুসৰি   শেহতীয়া সমীক্ষাৰ দ্বাৰা এই কথা অনুমান কৰা হৈছে যে ১৫ নৱেম্বৰত বিশ্বৰ জনসংখ্যা  হ’ব ৮ বিলিয়ন  ৷  যি হ’ব  মানৱ বিকাশৰ এক মাইলৰ খুঁটি। জনস্বাস্থ্য, পুষ্টি, ব্যক্তিগত পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু চিকিৎসাৰ উন্নতিৰ বাবেই মানুহৰ আয়ুস ক্ৰমান্বয়ে বৃদ্ধি পোৱাৰ বাবেই এই অভূতপূৰ্ব বৃদ্ধি হোৱা বুলি গৰ্বিত এতিয়া মানৱ সভ্যতা ।

চলিত বৰ্ষৰ ১১ জুলাইত বিশ্ব জনসংখ্যা দিৱসত প্ৰকাশ কৰা ৰাষ্ট্ৰসংঘৰ অৰ্থনৈতিক আৰু সামাজিক পৰিক্ৰমা বিভাগে ৰাষ্ট্ৰসংঘৰ ‘বিশ্ব জনসংখ্যা সম্ভাৱনা ২০২২’ত এই কথা প্ৰকাশ কৰিছে ৷প্ৰতিবেদনখনত  কোৱা হৈছে যে ২০২৩ চনত চীনৰ ঠাইত ভাৰতে বিশ্বৰ সৰ্বাধিক জনবহুল ৰাষ্ট্ৰ হিচাপে স্থান লাভ কৰিব।ধাৰণা অনুসৰি ২০৫০ চনলৈকে জনসংখ্যা বৃদ্ধিৰ ক্ষেত্ৰত বিশ্বৰ মুঠ জনসংখ্যাৰ  আধাতকৈ অধিক জনসংখ্যা মাত্ৰ আঠখন দেশত কেন্দ্ৰীভূত হ’ব ৷ সেই দেসকেইখন হ’ল ক্ৰমে  কংগো, ইজিপ্ত, ইথিওপিয়া, ভাৰত, নাইজেৰিয়া, পাকিস্তান, ফিলিপাইনছ আৰু তাঞ্জানিয়া ৷

১৯৭৪ চনত বিশ্বত ৪ বিলিয়ন লোক আছিল। ৰাষ্ট্ৰসংঘই অনুমান কৰিছে যে ২০২২ চনৰ নৱেম্বৰৰ মাজভাগলৈকে অৰ্থাৎ ৪৮ বছৰ ব্যৱধানত  বিশ্বৰ জনসংখ্যা দুগুণ বৃদ্ধি পাই ৮ বিলিয়ন হ’ব ৷

অৱশ্যে বিশ্বৰ জনসংখ্যা ৭ বিলিয়নৰ পৰা ৮ বিলিয়নলৈ বৃদ্ধি হ’বলৈ ১২ বছৰ সময় লাগিছিল যদিও ৯ বিলিয়ন হ’বলৈ লাগিব প্ৰায় ১৫ বছৰ ৷ অৰ্থাৎ ২০৩৭ চনতহে বিশ্বৰ জনসংখ্যা হ’বগৈ ৯বিলিয়ন ৷  যি হ’ব বিশ্বৰ জনসংখ্যাৰ সামগ্ৰিক বৃদ্ধিৰ হাৰ মন্থৰ হোৱাৰ লক্ষণ।

ৰাষ্ট্ৰসংঘৰ শেহতীয়া হিচাপ অনুসৰি ২০৩০ চনত বিশ্বৰ জনসংখ্যা প্ৰায় ৮.৫ বিলিয়ন, ২০৫০ চনত ৯.৭ বিলিয়নলৈ বৃদ্ধি পাব পাৰে আৰু তাৰ পিছত ২০৮০ চনৰ ভিতৰত প্ৰায় ১০.৪ বিলিয়নলৈ ই  শিখৰত উপনীত হ’ব পাৰে আৰু ২১০০ চনলৈকে সেই স্তৰতে থাকিব বুলি আশা কৰা হৈছে।

সংস্থাটোৱে লগতে কয় যে ১৯৫০ চনৰ পিছত প্ৰথমবাৰৰ বাবে ২০২০ চনত বিশ্বৰ জনসংখ্যা বৃদ্ধি এক শতাংশৰ তললৈ নামি আহিছে।

এই সন্দৰ্ভত  ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান এণ্টনিঅ’গুটেৰেছে ইয়াৰ মিশ্ৰিত প্ৰভাৱৰ পৰ্যালোচনা কৰি বিশ্ব সম্প্ৰদায়ক সুযোগসমূহ গ্ৰহণ কৰিবলৈ আৰু বিশ্বৰ ধনী আৰু অধীক্ষক সকলৰ মাজত বিভাজন দূৰ কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায়। তেওঁ কয় যে  যদিহে আমি বিশ্বৰ ধনী আৰু দুখীয়া সকলৰ মাজৰ ব্যৱধান  দূৰ নকৰো, তেন্তে আমি নিজকে উত্তেজনা আৰু অনাস্থা, সংকট আৰু সংঘাতেৰে ভৰা ৮ বিলিয়ন জনসংখ্যাৰ এখন শক্তিশালী পৃথিৱীৰ বাবে সাজু কৰি আছো

Previous Post

মৰেনাত আয়োজিত কৃষি মেলাত কৃষকসকলৰ বাবে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈছে এটা ম’হ

Next Post

২৪ ঘণ্টাৰ ভিতৰত প্ৰায় ৯৪ শতাংশ হ্ৰাস পালে এছ বি এফৰ সম্পত্তি

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
২৪ ঘণ্টাৰ ভিতৰত প্ৰায় ৯৪ শতাংশ হ্ৰাস পালে  এছ বি এফৰ সম্পত্তি

২৪ ঘণ্টাৰ ভিতৰত প্ৰায় ৯৪ শতাংশ হ্ৰাস পালে এছ বি এফৰ সম্পত্তি

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7