পৃথিৱীত এনে বহু ধুনীয়া ধুনীয়া ,মনোমোহা ঠাই আছে যি সদায় পৰ্য্যটকসকলৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু। সমগ্ৰ বিশ্বৰ ১৯০ খন দেশৰ ভিতৰত প্ৰতিখন দেশতে এখন নহয় এখন এনে ঠাই আছে যিয়ে পৰ্যটকক ইমানেই আকৰ্ষণ কৰে যে তাৰ পৰা তেওঁলোকৰ ঘূৰি যাবলৈ মন নাযায়।
কিন্তু আজি আমি ক’বলৈ ওলাইছো পৃথিৱীৰ এনে তিনিখন ঠাইৰ কথা যি ঠাই অতি মনোমোহা আৰু সেই বাবেই এই ঠাইসমূহলৈ সমগ্ৰ বিশ্বৰ পৰ্যটকৰ আগমণ ঘটে ।
পেৰিছ-
ফ্ৰান্সৰ ৰাজধানী পেৰিছ। যাক বিশ্বৰ অন্যতম ধুনীয়া পৰ্যটনস্থলী হিচাপে গণ্য কৰা হয়। বহু লোকৰ বাবে সপোনৰ চহৰ এই পেৰিছ চহৰ ৷ যদি আপুনি এতিয়াও পেৰিছ ভ্ৰমণ কৰা নাই, যদিহে আপুনি এজন ভ্ৰমণ প্ৰিয় মানুহ তেন্তে আপুনিও এবাৰ যাব পাৰে এই পেৰিছ চহৰলৈ। যখন চহৰলৈ প্ৰতি বছৰে সমগ্ৰ বিশ্বৰ লক্ষ লক্ষ পৰ্যটকৰ আগমণ ঘটে । ‘চিটি অৱ লাভ’ আৰু ‘চিটি অৱ লাইটছ’ আদি নামেৰেও জনাজাত এইখন বিখ্যাত চহৰ। এই চহৰত পৰ্যটকসকলে আইফেল টাৱাৰ, লুভ্ৰ আৰু আৰ্ক ডি ট্ৰাইমফৰ দৰে বিশ্ববিখ্যাত বহু পৰ্যটনস্থলী ভ্ৰমণ কৰিব পাৰে। আনহাতে ইয়াত আছে বহু বিলাসী শ্বপিং মল।লগতে এই চহৰত পৰ্যটকসকলে পেৰিছৰ নট্ৰে ডেম কেথেড্ৰেল, চেক্ৰে ক’ৰ, চেইন নদী আৰু লুভ্ৰ মিউজিয়াম আদিও পৰিভ্ৰমণ কৰিব পাৰে।
ব’ৰা ব’ৰা, ফৰাচী পলিনেছিয়া-
ফ্ৰেঞ্চ পলিনেছিয়াৰ টাহিটিৰ উত্তৰ-পশ্চিমে দক্ষিণ প্ৰশান্ত মহাসাগৰীয় এটি সৰু দ্বীপ ব’ৰা ব’ৰা ৷ এই ব’ৰা ব’ৰাত পৰ্যটকে ঘন অৰণ্য, নীলা লেগুন আৰু বিলাসী ৰিজৰ্টত থাকি প্ৰকৃতিৰ মাজত অৱসৰৰ সময় অতিবাহিত কৰিব পাৰে। অতি ৰোমান্টিক এই ঠাইখনৰ চাৰিওফালে সৰু সৰু দ্বীপেৰে আগুৰি আছে।য’ত পৰ্যটকে সাগৰীয় ক্ৰীড়া উপভোগ কৰিব পাৰে।বালিৰে আবৃত আৰু প্ৰবাল প্ৰাচীৰৰ দ্বাৰা সুৰক্ষিত ফিৰোজা ৰঙৰ লেগুনেৰে আগুৰি থকা এই দ্বীপ স্কুবা ডাইভিঙৰ বাবে পৰিচিত। এই বিশ্ব বিখ্যাত দ্বীপটোৰ বুকুত আছে মাউণ্ট অটেমানু নামৰ ৭২৭ মিটাৰ দৈৰ্ঘ্যৰ এটা জাগ্ৰত আগ্নেয়গিৰি।
লণ্ডন-
প্ৰায় সকলো লোকৰে সপোনৰ চহৰ লণ্ডন । এইখন এক অতি ৰোমাঞ্চকৰ ঠাই। বিশ্বৰ আটাইতকৈ ধুনীয়া ঠাইসমূহৰ তালিকাত স্থান দিয়া হৈছে লণ্ডনক। ইংলেণ্ডৰ এই ৰাজধানী চহৰখনত ৰোমানসকলে বসতি স্থাপন কৰিছিল যি হ’ল ব্ৰিটেইনৰ আটাইতকৈ জনবহুল চহৰ আৰু আকৰ্ষণীয় চহৰ। ইয়াত পৰ্যটকসকলে লণ্ডনৰ গ্ৰেট আৰ্কিটেকচাৰ এণ্ড হেৰিটেজ যেনে লণ্ডন আই, বিগ বেন, হাউছ অৱ পাৰ্লিয়ামেণ্ট, ৱেষ্টমিনিষ্টাৰ এবে আৰু নেলচনকে ধৰি বহুতো পৰ্যটনস্থলী ভ্ৰমণ কৰিব পাৰে।