VOICE 24x7
Sunday, May 4, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

কলাক্ষেত্ৰত জিৰছং থিয়েটাৰৰ তিনিদিনীয়া স্বয়ম নাট সমাৰোহৰ শুভ উদ্ধোধন

voicedesk by voicedesk
September 9, 2023
in মুখ্য সংবাদ
কলাক্ষেত্ৰত জিৰছং থিয়েটাৰৰ তিনিদিনীয়া স্বয়ম নাট সমাৰোহৰ শুভ উদ্ধোধন
0
SHARES
17
VIEWS
Share on FacebookShare on Twitter

গুৱাহাটী, ৮ ছেপ্টেম্বৰঃ মূলতঃ নাৰী আৰু সামাজিক প্ৰমূল্যবোধক বিষয়বস্তু হিচাপে লৈ সুদীৰ্ঘ প্ৰায় তিনি দশক ধৰি অসমৰ নাট্যক্ষেত্ৰৰ শ্ৰীবৃদ্ধিৰ বাবে নিৰৱচ্ছিন্নভাৱে সেৱা আগবঢ়াই অহা জিৰছং থিয়েটাৰে আজিৰেপৰা তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰিছে ‘স্বয়ম নাট সমাৰোহ আৰু আলোচনা সত্ৰ’। ৮ ছেপ্টেম্বৰৰ পৰা ১০ ছেপ্টেম্বৰলৈ তিনিদিনীয়া কাৰ্যসূচীৰে গুৱাহাটীস্থিত শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰ সমাজৰ শ্ৰী শ্ৰী মাধৱদেৱ আন্তৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত আৰম্ভ হোৱা ‘স্বয়ম নাট সমাৰোহ আৰু আলোচনা সত্ৰ’ খন আজি আনুষ্ঠানিকভাৱে উদ্ধোধন কৰে সংগীত নাটক একাডেমী বঁটাপ্ৰাপক বিশিষ্ট অভিনয় শিল্পী প্ৰান্জল শইকীয়া আৰু সাহিত্য একাডেমী বঁটা প্ৰাপক গল্পকাৰ তথা বিশিষ্ট সাংবাদিক মনোজ কুমাৰ গোস্বামীয়ে।

১৯৯৫ চনত কাৰবি আংলং জিলাৰ ডিফুত জন্ম লাভ কৰা জিৰছং থিয়েটাৰৰ প্ৰায় তিনি দশকজোৰা ঐতিহাসিক যাত্ৰা সামৰি আজিৰেপৰা কলাক্ষেত্ৰত আৰম্ভ হৈছে এখন স্হিৰচিত্ৰ প্ৰদৰ্শনীও। আজি অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা তথা উদ্যোগ আৰু বাণিজ্য বিভাগৰ মন্ত্ৰী বিমল বৰাই এই প্ৰদৰ্শনীৰ দ্বাৰ মুকলি কৰে। তিনি দশকজোৰা যাত্ৰাকালত জিৰছং থিয়েটাৰে অসম তথা উত্তৰ- পূৰ্বাঞ্চলৰ পাহাৰে-ভৈয়ামে, নগৰে-চহৰে অসমীয়া, কাৰবি, বড়ো, নাগামীজ, হিন্দী ভাষাত ৪০ খনতকৈয়ো অধিক নাটক মঞ্চস্থ কৰাই নহয়, জন্ম দিছে অজস্ৰ অভিনয় শিল্পী তথা কলা-কুশলীৰ। ভাৰতৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত কুৰিখনতকৈয়ো অধিক ৰাষ্ট্ৰীয়-আন্তৰাষ্ট্ৰীয় মহোৎসৱত নাট পৰিবেশন কৰাৰ উপৰি জিৰছং থিয়েটাৰে অভিনয় আৰু পৰিচালনাৰ লগতে বিভিন্ন আনুষংগিক বিষয়ত ন-শিকাৰুৰ বাবে ৩০ টাৰো অধিক প্ৰশিক্ষন শিবিৰ অনুষ্ঠিত কৰিছে।

নাট্য প্ৰতিষ্ঠাটোৱে ২০১৭ চনৰপৰা গুৱাহাটীৰ ৰাজগডত জিৰছং ষ্টুডিঅ’জৰিয়তে শিসুসকলক নিয়মীয়াকৈ নাট প্ৰশিক্ষন আৰু নিবেদনৰো ব্যৱস্হা কৰি আহিছে। এন এছ ডিৰ পৰিচালনা বিভাগৰ স্নাতক তথা সংগীত নাটক একাডেমীৰ বিছমিল্লা খাঁ বঁটাপ্ৰাপক ৰবিজিতা গগৈৰ উদ্যোগত কাৰবি আংলং জিলাৰ ডিফুত জন্ম লাভ কৰা জিৰছং থিয়েটাৰে এই যাত্ৰাকালত অসম তথা উত্তৰ- পূৰ্বাঞ্চলৰ পাহাৰে-ভৈয়ামে, নগৰে-চহৰে অসমীয়া, কাৰবি, বড়ো, নাগামীজ, হিন্দী ভাষাত ৪০ খনতকৈয়ো অধিক নাটক মঞ্চস্থ কৰাৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত কুৰিখনতকৈয়ো অধিক ৰাষ্ট্ৰীয়-আন্তৰাষ্ট্ৰীয় মহোৎসৱত নাট পৰিবেশন কৰিছে।

অভিনয় আৰু পৰিচালনাৰ লগতে বিগত ৩০ টাৰো অধিক আনুষংগিক বিষয়ত ন-শিকাৰুক প্ৰশিক্ষন দিয়া নাট্য প্ৰতিষ্ঠাটোৱে ২০১৭ চনৰপৰা গুৱাহাটীৰ ৰাজগডত জিৰছং ষ্টুডিঅ’জৰিয়তে শিসুসকলক নিয়মীয়াকৈ নাট প্ৰশিক্ষন আৰু নিবেদনৰো ব্যৱস্হা কৰি আহিছে। জিৰছং থিয়েটাৰৰ এই দীঘলীয়া যাত্ৰা প্ৰতিফলিত হৈছে প্ৰদৰ্শনীখনত। প্ৰদৰ্শনীৰ দ্বাৰ মুকলি কৰি সাংস্কৃতিক পৰিক্ৰমা তথা উদ্যোগ আৰু বাণিজ্য বিভাগৰ মন্ত্ৰী বিমল বৰাই কয়- ‘ আজিৰ যুগত অসমত অপেচাদাৰী নাট্যগোষ্ঠীসমূহে কাম কৰি থকাটো প্ৰত্যাহ্বানস্বৰূপ। তাৰ মাজতো কিছু নাট্যগোষ্ঠীয়ে সামাজিক দায়বদ্ধতাৰে সমাজখনক নতুন চিন্তাৰে আগুৱাই নিবলৈ এই সাধনা চলাই গৈছে। তাৰ মাজত ৰবিজিতা গগৈ অন্যতম। অসমৰ অপেছাদাৰী নাট্যগোষ্ঠীৰ মূল কেন্দ্ৰস্বৰূপ ৰবীন্দ্ৰ ভৱন নতুনকৈ নিৰ্মানৰ কাম চৰকাৰে হাতত লৈছে। বিশ্বৰ অত্যাধুনিক প্ৰযুক্তিৰে ৰবীন্দ্ৰ ভৱনৰ নিৰ্মান কাৰ্য সম্পূৰ্ণ হলে অপেছাদাৰী নাট্যগোষ্ঠীসমূহৰ বাবে মন্চৰ ডাঙৰ অভাৱ দূৰ হব। সম্প্ৰতি নাট মন্চায়ন অতি ব্যয়বহুল হৈ পৰিছে।অপেছাদাৰী হৈয়ো পেছাদাৰিত্বক আঁকোৱালি লব লগা হৈছে।’

আনহাতে, আজি নাট্য প্ৰতিষ্ঠানটোৱে নাট্যপ্ৰেমীৰ বাবে আয়োজন কৰা স্বয়ম নাট সমাৰোহত সংগীত নাটক একাডেমী বঁটা বিজেতা অৰুণ শৰ্মাদেৱৰ নাটক ‘আহাৰ’ মন্চস্হ কৰে। কাইলৈ অৰ্থাৎ ৯ ছেপ্টেম্বৰত চফ’ক্লিছৰ বিশ্ব বিখ্যাত নাটক এণ্টিগণিৰ অসমীয়া অভিযোজনা ‘এণ্টিগণি মেনিয়া’ আৰু ১০ ছেপ্টেম্বৰত ৰবীন্দ্ৰ নাথ ঠাকুৰৰ গল্প ‘স্ত্ৰী পত্ৰ’ ৰ আধাৰত ৰচিত নাটক ‘ইতি মৃণালিনী’ মন্চস্হ হব। কেউখন নাটকৰে পৰিচালনা কৰিছে এন এছ ডিৰ পৰিচালনা বিভাগৰ স্নাতক তথা সংগীত নাটক একাডেমীৰ বিছমিল্লা খাঁ বঁটাপ্ৰাপক ৰবিজিতা গগৈয়ে।


আজি বিয়লি ‘নতুন প্ৰজন্ম আৰু অসমীয়া নাটক’ শীৰ্ষক আলোচনা সত্ৰত সমল ব্যক্তিৰূপে অংশগ্ৰহন কৰে নাট্য শিল্পী তথা নাট পৰিচালিকা ভাগীৰথী, সমুদ্ৰ কাজল শইকীয়া, হিমাংশু প্ৰসাদ দাস, পৰী শৰণীয়া, ভাস্কৰ বৰুৱাই। শ্ৰী শ্ৰী মাধৱদেৱ আন্তৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত অনুষ্ঠিত হবলগীয়া এই নাট সমাৰোহখনিত মমি গগৈ, ভাস্কৰজ্যোতি নাথ, কাৰিস্মা বড়ো, কল্পজিত শইকীয়া, তৰালী বৰা, সুভম দে, মৃগাংক কুমাৰ নাথ, আভিলাষ বৰবৰা, হিৰণ্য হালৈ, মনোজ কুমাৰ গগৈ, হিয়াশ্ৰী গগৈ, ধ্ৰুৱজ্যোতি স্পন্দন, ৰূপশ্ৰী নেওগ, গীতুমনি কাশ্যপ আদি শিল্পীয়ে অভিনয় কৰে।

Previous Post

চৰাইদেউ মৈদাম পৰিদর্শন কৰিবলৈ আহিব ইউনেস্ক’ৰ দল, পাবনে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ মর্যাদা !

Next Post

কাব্যঋষিৰ সপোন পুৰণৰ প্ৰয়াসঃ ওপজা দিনত ৯১ জোপা সোণাৰু গছপুলি ৰোপন

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
কাব্যঋষিৰ সপোন পুৰণৰ প্ৰয়াসঃ ওপজা দিনত ৯১ জোপা সোণাৰু গছপুলি ৰোপন

কাব্যঋষিৰ সপোন পুৰণৰ প্ৰয়াসঃ ওপজা দিনত ৯১ জোপা সোণাৰু গছপুলি ৰোপন

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7