পৱিত্ৰ গণেশ চতুৰ্থী উপলক্ষে আজি মন্দিৰে মন্দিৰে ভক্তৰ ভিৰ পৰিলক্ষিত হৈছে । সমগ্ৰ দেশৰ লগতে অসমৰ ভিন্ন প্ৰান্তত ব্যাপক উচাহ উদ্দীপনা পৰিলক্ষিত হৈছে ।
মহানগৰীৰ লতাশিল, গণেশগুৰি,নুনমাটিকে ধৰি খ্যাতনামা গণেশ মন্দিৰ সমূহত ব্যাপক ভিৰ পৰিলক্ষিত হৈছে । মহানগৰীৰ ফটাশিল আমবাৰীতি বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। দেখা গৈছে ব্যতিক্ৰমী পূজা মণ্ডপ। অত্যন্ত আকৰ্ষণীয় ভাৱে নিৰ্মান কৰা হৈছে গণেশ পূজাৰ মণ্ডপ । চন্দ্ৰযান তৃতীয়ৰ আৰ্হিত নিৰ্মান কৰা হৈছে পূজা মণ্ডপ। আনহাতে পূজা মণ্ডপৰ সমান্তৰালকৈ নিৰ্মান কৰা হৈছে গণেশৰ বৃহৎ মূৰ্তি । ইতিমধ্যে ভক্তক এই পূজা মণ্ডপে বিশেষ ভাৱে আকৰ্ষণ কৰিছে। পুৱাৰ পৰা অসংখ্য ভক্তই এই মণ্ডপত ভিৰ কৰিছে।
ৰাজ্যৰ আন প্ৰান্তৰ মন্দিৰসমূহত ভক্তৰ লানি নিছিগা সোঁত বোৱা দেখা গৈছে। সকলোৰে মংগল কামনাৰে গণেশ দেৱতাৰ সন্মুখত ধুপ ধুনা জ্বলাই প্রাথৰ্না কৰে। এই উপলক্ষে বিভিন্ন স্থানত ধৰ্মীয় অনুষ্ঠানৰ আয়োজন কৰা হৈছে।