কেদাৰনাথলৈ যোৱাৰ পথত পুনৰ দুৰ্ঘটনা সংঘটিত হৈছে । এই দূর্ঘটনাত ৫ গৰাকী তীৰ্থযাত্ৰীৰ মৃত্যু হয়। উত্তৰাখণ্ডৰ ৰুদ্ৰপ্ৰয়াগত বৃহস্পতিবাৰে নিশা পাহাৰৰ পৰা খহি অহা শিল আৰু মাটিয়ে তীর্থযাত্ৰী কঢ়িয়াই নিয়া বাহনখন হেচাঁ মাৰি ধৰে ৷ ইয়াৰ বাবেই ৫জন লোকৰ মৃত্যু হয়। শুকুৰবাৰে তেওঁলোকৰ মৃতদেহ উদ্ধাৰ কৰা হয়। এই ঘটনা শনিবাৰে পোহৰলৈ আহে।
আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা মতে, গুপ্তাকাশী-গৌৰীকুণ্ড ঘাইপথৰ তৰ্ছালীৰ সমীপত সংঘটিত হয় এই দুর্ঘটনা । প্ৰায় ৬০ মিটাৰ পথ খহি পৰে ৷ নিহতসকলৰ ভিতৰত তিনিজন গুজৰাটৰ বাসিন্দা। বাকী দুজন হৰিদ্বাৰৰ বাসিন্দা।
ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনীৰ দলটোৱে তথ্য লাভ কৰাৰ পিছতে সেই স্থানলৈ গৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে ৷ কিন্তু বৰষুণৰ বাবে উদ্ধাৰ কার্যত বাধাৰ সৃষ্টি হয়। শুকুৰবাৰে উদ্ধাৰ কৰা হয় মৃতদেহকেইটা। চলিত বৰ্ষৰ বাৰিষাত উত্তৰাখণ্ডৰ বিভিন্ন অঞ্চলত ভূমিস্খলন সংঘটিত হৈছে। ভাঙি যোৱাৰ ফলত বিভিন্ন পথ অৱৰোধ হৈ পৰে।