দুধর্ষ উগ্ৰবাদী সংগঠন এন এছ চি এন (আই এম)ৰ নির্বিচাৰ গুলীচালনাৰ ঘটনাই পুনৰ জোকাৰি গৈছে কাছাৰ জিলা ৷ প্ৰাপ্ত তথ্য অনুসৰি মণিপুৰৰ সীমান্তৱর্তী কাছাৰৰ ছামটিলা নামৰ ভিতৰুৱা গাওঁখনত মঙলবাৰে নিশা সংঘটিত হৈছে এই ঘটনা ৷ উগ্ৰবাদী সংগঠনটোৰ দাবী মানি নোলোৱাৰ বাবে তেওঁলোকে গাওঁবাসীক লক্ষ্য কৰি গুলীচালনা কৰে ৷ যাৰ ফলত এজন লোক গুৰুতৰভাৱে আহত হয় ৷ ইতিমধ্যে আহত লোকজনক শিলচৰ মেডিকেল কলেজ হাস্পতালত ভর্ত্তি কৰোৱা হৈছে ৷ বর্তমান তেওঁৰ অৱস্থা সুস্থিৰ বুলি জানিব পৰা গৈছে ৷
কাছাৰ জিলাৰ আৰক্ষী অধীক্ষক ৰমনদ্বীপ কৌৰে সদৰী কৰা অনুসৰি অসম-মণিপুৰ সীমান্তৰ পৰা মাত্ৰ ৫০০ মিটাৰ দুৰত্বত অৱস্থিত গাওঁখনত উগ্ৰবাদী সংগঠনটোৰ সদস্যসকলৰ বাবে থকা আৰু খোৱা লোৱাৰ ব্যৱস্থা কৰিবলৈ নির্দেশ দিছিল ৷ উগ্ৰবাদী সংগঠনটোৰ এই দাবী মানি লবলৈ গাওঁখনৰ লোকসকলে অস্বীকাৰ কৰে ৷ ইয়াতে ক্ষুন্ন হৈ এন এচ চি এনৰ সদস্যসকলে গাওঁখনত নির্বিচাৰ গুলীচালনা কৰিবলৈ আৰম্ভ কৰে ৷ সীমান্তৱর্তী আৰু যথেষ্ট ভিতৰুৱা অঞ্চল হোৱাৰ বাবে উগ্ৰবাদী সংগঠনটোৱে এই গাওঁখন মাজেৰে অহা যোৱাৰ পথ হিচাপে ব্যৱহাৰ কৰি আহিছে ৷ কালিৰ ঘটনাই সমগ্ৰ অঞ্চলটোতে উত্তেজনাৰ সৃষ্টি কৰে ৷ ইতিমধ্যে কাছাৰ আৰক্ষীয়ে মণিপুৰ আৰক্ষীৰ সহযোগত উগ্ৰবাদী সংগঠনটোৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছে ৷