VOICE 24x7
Friday, May 9, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

এক লিটাৰ ইন্ধনেৰে ১০০ কিলোমিটাৰ! অসম্ভৱকো সম্ভৱ কৰা বিজ্ঞানী ৰহস্যজনকভাৱে হৈ পৰিল অদৃশ্য, কিয় শত্ৰু হৈ পৰিছিল তৈল প্ৰতিষ্ঠানৰ !

voicedesk by voicedesk
January 7, 2023
in মুখ্য সংবাদ
এক লিটাৰ ইন্ধনেৰে  ১০০ কিলোমিটাৰ! অসম্ভৱকো সম্ভৱ কৰা বিজ্ঞানী  ৰহস্যজনকভাৱে  হৈ পৰিল অদৃশ্য, কিয় শত্ৰু হৈ পৰিছিল তৈল প্ৰতিষ্ঠানৰ !
0
SHARES
9
VIEWS
Share on FacebookShare on Twitter

পেট্ৰ’লৰ অত্যধিক মূল্যই আমাৰ সামগ্ৰিক জনজীৱনত কিদৰে প্ৰভাৱ পেলাই আহিছে সেয়া সকলোৰে পৰিচিত ৷ কিন্তু পেট্ৰলিয়ামজাত সামগ্ৰীসমূহৰ এই পৰিস্থিতি কেতিয়াও নহ’লহেতেন ৷ সামান্য  গেছলিনেৰে এখন গাড়েয়ে কেইবা কিলোমিটাৰ অতিক্ৰম কৰিব পাৰিলেহেতেন ৷

১ লিটাৰ পেট্ৰ’লত গাড়ী এখন ১০০ কিলোমিটাৰ চলাব পাৰিলে আপোনাৰ কিমান লাভ হ’লহেতেন কল্পনা কৰিব পাৰেনে ? কিন্তু এয়া অসাধ্য নাছিল ৷ আমেৰিকাৰ বিজ্ঞানী টম অগলেই  ইয়াক সম্ভৱ কৰি তুলিছিল ৷ কিন্তু  বিজ্ঞানী টম অগলে ৰহস্যজনকভাৱে আমাৰ মাজৰ পৰা নোহোৱা হৈ গ’ল।কোন এই টম অগলে আপুনি জানেনে ?

টম আছিল এজন আমেৰিকান বিজ্ঞানী। টমে দাবী কৰিছিল যে ইঞ্জিনৰ কাৰ্ব’ৰেটৰটো তেওঁ নিৰ্মাণ কৰা এনে এটা যন্ত্ৰৰে সলনি কৰিছিল যাৰ ফলত েখন গাড়ী কম তেলত অধিক দূৰত্ব অতিক্ৰম কৰিব পাৰিব। টমে প্ৰকাশ কৰিছিল  যে তেওঁ নিৰ্মাণ কৰা মেচিনটোৰ জৰিয়তে ভাপ কাৰ্ব’ৰেটৰৰ ধাৰণাটো লৈছিল। এই যন্ত্ৰটোৱে গাড়ীৰ ইঞ্জিনটো অতি ইন্ধন ক্ষমতাশালী কৰি তোলে।

 

১৯৭৭ চনত টমে নিজৰ মেচিনটো ৪২৭ হৰ্চপাৱাৰৰ ভি-৮ ইঞ্জিন আৰু ১১.৫ লিটাৰৰ টেংকযুক্ত ফৰ্ড গেলেক্সিত ব্যৱহাৰ কৰিছিল। টমে সেই গাড়ীখনত নিজৰ ডিভাইচ স্থাপন কৰি অতি কম তেলেৰে প্ৰায় ১৬০ কিলোমিটাৰ পথ অতিক্ৰম কৰিছিল। ফৰ্ড গেলেক্সি গাড়ীবোৰ অতি গধুৰ। গতিকে গধুৰ বাহনত এই যন্ত্ৰটো অধিক ইন্ধন কাৰ্যক্ষম হ’ব বুলি ভবা হৈছিল। বেছিভাগ গাড়ীৰ ইঞ্জিনতে কাৰ্ব’ৰেটৰ আৰু ইন্ধন পাম্প ব্যৱহাৰ কৰা হয়। তৰল ইন্ধন দহন কক্ষত প্ৰৱেশ কৰি ইঞ্জিনলৈ শক্তি যোগান ধৰে।

 

অগলে কাৰ্ব’ৰেটৰ আৰু ফিউৱেল পাম্প সলনি কৰি ‘ব্লেক বক্স ফিল্টাৰ’ লগাই দহন কক্ষবোৰ বাষ্প কৰা গেছলিনেৰে ভৰাই দিছিল। কিন্তু  তেল কোম্পানীবোৰে টমৰ আৱিষ্কাৰক ভালদৰে লোৱা নাছিল। কাৰণ এই মেচিন বজাৰলৈ আহিলে তেওঁলোকে বজাৰ  হেৰুৱাই পেলালেহেঁতেন। টমে এটা ভঙা বাগিচা চাফা কৰা মেচিনৰ পৰা এই যন্ত্ৰটো উদ্ভাৱন কৰিছিল ৷ এবাৰ টমে বাগিচাত ঝাড়ু দিয়া যন্ত্ৰৰ সহায়ত অপতৃণবোৰ পৰিষ্কাৰ কৰি আছিল। তেতিয়া মেচিনটো বেয়া হৈ যায়। সেই মেচিনটো ঠিক কৰি থাকোঁতে তেওঁ শক্তি ৰাহি কৰা মেচিন এটা উদ্ভাৱন কৰাৰ কথা ভাবিলে।

 

কিন্তু টমৰ ইঞ্জিন কেতিয়াও বজাৰলৈ নাহিল। যন্ত্ৰটোৰ সফল পৰীক্ষণৰ পিছত বহু বিনিয়োগকাৰীয়ে তেওঁৰ ঘৰত ভিৰ কৰে। টমে বহুতৰ পৰা বৃহৎ পৰিমানৰ টকা লোৱা বুলিও চর্চা লাভ কৰিছিল ৷ কিন্তু হঠাতে টম নোহোৱা হৈ গ’ল। এই বিষয়ে দুটা চর্চা চলি আহিছে ৷ বহুতৰ মতে টমৰ পৰিয়ালৰ বহু সমস্যা আছিল। পত্নীয়ে তেওঁক এৰি থৈ গ’ল। ইয়াৰ বাবে তেওঁ প্ৰচুৰ পৰিমাণে মদ্যপান কৰিছিল আৰু অসুস্থতাৰ বাবে হঠাতে মৃত্যুবৰণ কৰিছিল।

 

আনহাতে, জনপ্ৰিয় আমেৰিকান ৰেডিঅ’ মন্তব্যকাৰী পল হাৰ্ভিয়ে দাবী কৰিছিল যে যিদিনা তেওঁ নিজৰ আৱিষ্কাৰ ৰাজহুৱা কৰাৰ পৰিকল্পনা কৰিছিল, সেইদিনা টমে নিৰুদ্দেশ হৈছিল। কেৱল সেয়াই নহয়, ডিভাইচটোৰ বিষয়ে তেওঁ প্ৰস্তুত কৰা নথি-পত্ৰবোৰো ৰাতিটোৰ ভিতৰতে নোহোৱা হৈ গ’ল। টম অবিহনে মেচিনটো পৰীক্ষা কৰা হৈছিল। কিন্তু  ডিভাইচটোৱে কাম কৰা নাছিল।

 

কিন্তু সেই সময়ত বহুতে দাবী কৰিছিল যে টমৰ অনুপস্থিতিত ইচ্ছাকৃতভাৱে ডিভাইচটোৰ ভুল পৰীক্ষা কৰা হৈছিল। বহুতে দাবী কৰিছিল যে টমৰ নিৰুদ্দেশৰ আঁৰত এজন ‘বৃহৎ মাষ্টৰ’ আছে। কিন্তু সেই সকলোবোৰ দাবী প্ৰমাণিত নহ’ল। সময়ৰ লগে লগে টম আৰু তেওঁৰ যন্ত্ৰ অপ্রাসংগিক হৈ পৰিল। আন কেইবাজনো গৱেষকে একেধৰণৰ যন্ত্ৰ উদ্ভাৱন কৰিবলৈ চেষ্টা কৰিছিল যদিও সফল নহ’ল।

Previous Post

বিদ্যালয়ৰ ভিতৰতে শিক্ষকক গুলীয়াই হত্যা কৰিলে ছবছৰীয়া ছাত্ৰই! আমেৰিকাত চাঞ্চল্য

Next Post

মহিলা নে পুৰুষ? দৈনিক কাক বেছি টোপনিৰ প্ৰয়োজন? গৱেষণাই কি কয়?

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
মহিলা নে পুৰুষ? দৈনিক কাক বেছি টোপনিৰ প্ৰয়োজন? গৱেষণাই কি কয়?

মহিলা নে পুৰুষ? দৈনিক কাক বেছি টোপনিৰ প্ৰয়োজন? গৱেষণাই কি কয়?

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7