অ’ এল এফ গ্লোবেল ফাউণ্ডেচনৰ উদ্যোগত আৰু যোৰহাট সাংস্কৃতিক মঞ্চৰ সহযোগত অহা ২৭ নৱেম্বৰ দেওবাৰে বিয়লি যোৰহাট থিয়েটাৰ হলত আয়োজন কৰা হৈছে ড০ ৰূপম শৰ্মাৰ প্ৰযোজিত, পৰিচালিত ” ওৱান লিটিল ফিংগাৰ ” শীৰ্ষক বোলছবি খনিৰ দুটাকৈ দৰ্শনীৰ । উল্লেখনীয় যে আশী গৰাকী বিশেষ ভাবে সক্ষম ছাত্ৰ ছাত্ৰীৰ লগতে অসম, কলিকতা আৰু হলিউডৰ কেইবাগৰাকীও যশস্বী অভিনেতা অভিনেত্ৰীয়ে অভিনয় কৰা এই বোলছবিখনে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ইতিমধ্যে ৩০ টাতকৈও অধিক বটা লাভ কৰি গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।
বিয়লি ৩.৪৫বজাত প্ৰথম দৰ্শনী আৰু সন্ধ্যা ৬.৩০বজাত অনুষ্ঠিত হ’বলগীয়া ছবিখনৰ দ্বিতীয় দৰ্শনী উপভোগ কৰি সকলোকে উৎসাহিত কৰিবৰ বাবে সকলোৰে উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছে যোৰহাট সাংস্কৃতিক মঞ্চৰ সভাপতি নাৰায়ণ ভূঞা, সম্পাদক প্ৰসেনজিৎ লাহন আৰু অ’ এল এফ গ্লোবেল ফাউণ্ডেচনৰ তৰফৰ পৰা প্ৰযিজক,পৰিচালক ড০ ৰূপম শৰ্মাই ৷
উদ্যোক্তা সকলে জানিবলৈ দিয়া অনুসৰি দৰ্শনী দুটাৰ বিষয়ে সবিশেষ জানিবলৈ ইচ্ছুক সকলে ৮৪৮৬৮৩৮৬০০ / ৮৪৮৬৩০৬৩৭৭ এই দুই নম্বৰত যোগাযোগ কৰিব পাৰিব ৷