পপুলাৰ ফ্ৰ’ণ্ট অৱ ইণ্ডিয়া চমুকৈ পিএফআইৰ বিৰুদ্ধে ৰাজ্যত অব্যাহত আছে অভিযান ৷ আজি পুনৰ আন এজন নেতাক গ্ৰেপ্তাৰ কৰিছে অসম আৰক্ষীয়ে ৷ পশ্চিমবংগ পিএফআইৰ ৰাজ্যিক সভাপতি ডঃ মিনাৰুল শ্বেইখক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৷ বিভিন্ন বেআইনী কার্যকলাপত লিপ্ত থকাৰ অভিযোগেৰে অসম আৰক্ষীয়ে ৰুজু কৰা ২/২০২২ নম্বৰ গোচৰত তেওঁক পুৱতি নিশা গ্ৰেপ্তাৰ কৰা হৈছে ৷
এতিয়ালৈকে ১১ জন পিএফআই নেতা-সদস্যক অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। আজি বিয়লি শ্বেইখক আদালতত হাজিৰ কৰা হ’ব ৷ লগতে পিএফআইৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সমিতিৰ সদস্য আৰু বৰাক উপত্যকা জিলা সমিতিৰ সাধাৰণ সম্পাদক বজৰুল কৰিমকো আদালতত হাজিৰ কৰোৱা হ’ব ৷ বজৰুল কৰিমক কালি কৰিমগঞ্জ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ৷ দুয়োজনকে আজি কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা হ’ব ৷
উল্লেখ্য যে কালিৰ পৰা আৰক্ষীৰ সহযোগত নিয়া আৰু ইডিয়ে দেশজুৰি পিএফআইৰ বিৰুদ্ধে অভিযান চলাইছিল ৷ য’ত ১০০ জনতকৈয়ো অধিক পিএফআই সদস্যক গ্ৰেপ্তাৰ কৰা হৈছিল ৷