গোৱালপাৰা জিলাৰ লোক নিৰ্মাণ বিভাগে জিলা খনৰ হাৰিমূৰা পথৰ পৰা ভেলাখামাৰলৈ যোৱা পথৰ বাবে আৱণ্টন দিছিল ৪৬১২৮০৬:৫৫ টকা৷
কিন্তু পৰিতাপৰ বিষটো হল ঠিকাদাৰ প্ৰসেনজিৎ নাথ নামৰ ঠিকাদাৰ জনৰ হেমাহিৰ বাবে গোটেই বাৰিষা যন্ত্ৰণা ভোগ কৰিলে এটা অঞ্চল ৰাইজে৷ এতিয়া প্ৰশ্ন হৈছে ক’ত গল ৪৬১২৮০৬:৫৬ টকা?
মাত্ৰ ৭২০ মিটাৰ পথ নিৰ্মাণৰ সামান্য কাম কৰিয়েই ঠিকাদাৰ প্ৰসেনজীতে আত্মসাৎ কৰিলে নেকী এই ধন ?
স্থানীয় ৰাইজৰ অভিযোগ ঠিকাদাৰ প্ৰসেনজিতে শাসকীয় দলৰ নেতা হোৱাৰ বাবে অভিযোগ দিয়াৰ পিছতো কোনো ব্যৱস্থা গ্ৰহন নকৰিলে লোক নিৰ্মাণ বিভাগে৷শূন্য সহনশীলতা কথা কোৱা চৰকাৰৰ দিনত এটা বিভাগে নাকি লগাব পৰা নাই ঠিকাদাৰ প্ৰসেনজিৎ নাথক৷
৭২০ মিটাৰ পথ নিৰ্মাণৰ বাবে ৪৬১২৮০৬:৫৫ টকা আৱণ্টন দিয়াৰ পিছতো দুটা বছৰে এটা বৃহৎ অঞ্চলৰ ৰাইজে যাতায়তৰ বাবে হাহাঁকাৰ কৰিব লগা হৈছে৷