ৰাজ্যত এখনৰ পাছত আন এখন চিকিৎসা মহাবিদ্যালয় স্থাপন কৰা হৈছে ৷ এখন দুখনকৈ ৰাজ্যত চিকিৎসা মহাবিদ্যালয়ৰ সংখ্যা ১২ খনলৈ বৃদ্ধি পালে ৷স্বাস্থ্যখণ্ডত আমূল পৰিৱর্তন অহা বুলি ৰাজ্য চৰকাৰে প্ৰকাশ কৰি আহিছে ৷ কিন্তু সচাঁকৈয়ে ৰাজ্যৰ স্বাস্থ্যখণ্ডলৈ আমূল পৰিএর্তন আহিছেনে ? ১২ খন চিকিৎসা মহাবিদ্যালয়ৰ পৰা সাধাৰণ জনতাই প্ৰকৃতার্থত সা-সুবিধা লাভ কৰিছেনে ৷ ইয়াৰ প্ৰকৃত স্বৰূপ উন্মোচিত হ’ল বিধানসভাৰ মজিয়াত ৷ শুনিবলৈ আচৰিত যেন লাগিলেও ৰাজ্যৰ ১২ খন চিকিৎসা মহাবিদ্যালয়ৰ ভিতৰত মাত্ৰ এখনতহে সকলো বিভাগৰ চিকিৎসা উপলবদ্ধ ৷ শুকুৰবাৰে ৰাজ্যৰ বিধানসভাত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই এই কথা সদৰী কৰিছে ৷ তেওঁ প্ৰকাশ কৰা অনুসৰি অসমৰ মাত্ৰ এখন চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়েহে সম্প্ৰতি সকলো অনুমোদিত বিভাগতে চিকিৎসা প্ৰদানৰ ব্যৱস্থা আছে।
কংগ্ৰেছৰ বিধায়ক ৰেকিবুদ্দিন আহমেদৰ এক প্ৰশ্নৰ উত্তৰত মহন্তই কয় যে অনুমোদিত সকলো বিভাগতে চিকিৎসাৰ সুবিধা কেৱল গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়তহে উপলব্ধ। ৰাজ্যৰ আন ১১খন চিকিৎসা মহাবিদ্যালয়ত কেইবাটাও বিভাগত চিকিৎসাৰ সুবিধা নাই ৷ মহন্তই কয় যে নতুনকৈ মুকলি কৰা নলবাৰী আৰু কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত স্থায়ী তৃতীয়, চতুৰ্থ শ্ৰেণী আৰু নাৰ্চিং কৰ্মচাৰী নিযুক্তি দিয়া হোৱা নাই যদিও সেই দিশত পদক্ষেপ গ্ৰহণ কৰা হৈছে।
ৰাজ্যখনৰ ১২খন চিকিৎসা মহাবিদ্যালয়ৰ উপৰিও দুখন আয়ুৰ্বেদিক মহাবিদ্যালয় আছে, য’ত সকলো অনুমোদিত বিভাগ সৃষ্টি কৰা হৈছে আৰু সকলো বিভাগতে চিকিৎসা উপলব্ধ কৰা হৈছে বুলিও তেওঁ লগতে কয়।
গুৱাহাটী, ডিব্ৰুগড় আৰু শিলচৰ চিকিৎসা মহাবিদ্যালয় বাদ দি ৰাজ্যৰ আন ৯খন চিকিৎসা মহাবিদ্যালয়ত এতিয়াও ৯ বা তাতোকৈ অধিক বিভাগ সৃষ্টি হোৱা নাই বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। এই নখন চিকিৎসা মহাবিদ্যালয়ৰ কোনো এখনতে চিটিভিএছ, এণ্ডক্ৰাইন’লজী, গেষ্ট্ৰ’এণ্টেৰ’লজী, হেমাট’লজী, নিউৰ’লজী, নেফ্ৰ’লজী, প্লাষ্টিক চাৰ্জাৰী, পেডিয়াট্ৰিক চাৰ্জাৰী আৰু ইউৰ’লজী বিভাগৰ সৃষ্টি হোৱা নাই। মহন্তই কয় যে বৰ্তমান বিভিন্ন চিকিৎসা মহাবিদ্যালয়ত ২৪৩৮ গৰাকী চিকিৎসকে কৰ্মৰত আৰু আৰু ৪৫৬ গৰাকী চিকিৎসকৰ প্ৰয়োজন।
এআইইউডিএফৰ কৰিম উদ্দিন বৰভূঞাৰ এক প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে কয় যে ছয়খন চিকিৎসা মহাবিদ্যালয় — শিলচৰ, যোৰহাট, ফকৰুদ্দিন আলী আহমেদ চিকিৎসালয় (বৰপেটা), তেজপুৰ, ডিফু আৰু লখিমপুৰত জাইকাৰ অধীনত ছুপাৰ স্পেচিয়েলিটি হাস্পতালৰ কাম চলি আছে। তেওঁ লগতে কয় যে আটাইকেইখন ছুপাৰ স্পেচিয়েলিটি হাস্পতালৰ প্ৰাৰম্ভিক ডিজাইনৰ কাম সম্পূৰ্ণ হৈছে আৰু এতিয়া বিশদ ডিজাইন প্ৰস্তুত কৰা হৈছে। সকলো ছুপাৰ স্পেচিয়েলিটি হাস্পতালৰ বাবে প্ৰয়োজনীয় মাটিৰ ব্যৱস্থা কৰা হৈছে বুলিও তেওঁ লগতে কয়।