দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বক প্ৰশংসা কৰাৰ লগতে তেওঁৰ কৰ্ম উদ্যমক সন্মান জনাই গুৱাহাটী মহানগৰৰ হাতীগাওঁ বিষ্ণু জ্যোতি পথৰ নিবাসী তথা এগৰাকী নিস্বাৰ্থ সমাজকৰ্মী, শিক্ষয়িত্ৰী, আৰু হাতীগাওঁ শাখা লেখিকা সংস্থাৰ উপ সভাপতি জুমু কলিতাই এখল মুকলি চিঠি প্ৰেৰণ কৰিছে য’ত অসমৰ মূখ্য সমস্যা বানপানীকে আদি কৰি বিভিন্ন সমস্যাৰ কথা উল্লেখ কৰা হৈছে। জুমু কলিতাই ৰাজ্য খনৰ এই সমস্যা সমূহ সমাধান কৰি যাতে অসমখনক দেশৰ ভিতৰতে এখন আগশাৰীৰ ৰাজ্য কৰি তুলিব পাৰে তাৰ বাবে প্ৰধান মন্ত্ৰী গৰাকীক অনুৰোধ জনাইছে। অসমৰ বিভিন্ন নাৰী জনিত অপৰাধ ৰোধ, প্ৰাকৃতিক সম্পদৰ সুৰক্ষা তথা চুবুৰীয়া ৰাজ্য সমূহৰ সৈতে অসমৰ সু সম্পৰ্ক বৰ্তাই ৰখাৰ বিষয়টোও প্ৰধান মন্ত্ৰীৰ দৃষ্টি গোচৰ কৰিছে চিঠি খনৰ যোগেদি। অসমৰ বৰ্তমান মূখ্যমন্ত্ৰী গৰাকীৰ কৰ্ম দক্ষতাৰ প্ৰশংসা কৰি জুমু কলিতাই চিঠিত উল্লেখ কৰে যে কেন্দ্র চৰকাৰৰ পূৰ্ণ সহযোগিতা পালে মূখ্যমন্ত্রী গৰাকীয়ে অসমক দেশৰ ভিতৰতেই প্ৰথম শ্ৰেণীৰ ৰাজ্যলৈ পৰিবৰ্তন কৰিবলৈ নিশ্চয়কৈ সফল হ’ব।
উপঢৌকন লৈ কাম কৰা চৰকাৰী বিষয়া কৰ্মচাৰীসকলক শাস্তি প্রদান কৰাৰ লগতে সাধাৰণ ৰাইজে যাতে বিভিন্ন আঁচনি সমূহৰ পৰা সুবিধাসমূহ লাভ কৰিব পাৰে তাৰ বাবেও মুকলি চিঠি খনৰ যোগেদি তেওঁ প্ৰধানমন্ত্ৰী গৰাকীক কাতৰ অনুৰোধ কৰে।
ইতিমধ্যেই বিভিন্ন সামাজিক মাধ্যমৰ যোগেদি মুকলি চিঠিখনে যথেষ্ট চৰ্চা লাভ কৰিছে আৰু আশাকৰা হৈছে যে জুমু কলিতাৰ এই মুকলি চিঠি অতিশীঘ্ৰেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ দৃষ্টি গোচৰ হওঁক লগতে চিঠিখনত উত্থাপিত সমস্যা সমূহৰ ক্ষেত্ৰত কেন্দ্রীয় চৰকাৰে যেন সোনকালেই সুব্যৱস্থা গ্ৰহণ কৰে।