VOICE 24x7
Friday, May 9, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

বাইডেনৰ স্থানত কোন হ’ব ৰাষ্ট্ৰপতি পদৰ প্ৰার্থী ?নতুন ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী বাছনি কৰিবলৈ ডেম’ক্ৰেটিক শিবিৰে কি কৰিব লাগে?

voicedesk by voicedesk
July 22, 2024
in মুখ্য সংবাদ
বাইডেনৰ স্থানত কোন হ’ব ৰাষ্ট্ৰপতি পদৰ প্ৰার্থী ?নতুন ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী বাছনি কৰিবলৈ ডেম’ক্ৰেটিক শিবিৰে কি কৰিব লাগে?
0
SHARES
23
VIEWS
Share on FacebookShare on Twitter

 

ৰাষ্ট্ৰপতি পদৰ দৌৰৰ পৰা আঁতৰি অহাৰ কথা ঘোষণা কৰিছে জো বাইডেনে। তেওঁ উত্তৰাধিকাৰী হিচাপে বৰ্তমানৰ উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছৰ নামো প্ৰস্তাৱ কৰে। কিন্তু বাইডেনৰ এই ঘোষণাই হোৱাইট হাউছৰ দায়িত্ব লোৱাৰ দৌৰত কমলাক আন ডেম’ক্ৰেটতকৈ অলপ আগুৱাই নিয়াৰ বিপৰীতে আগষ্ট মাহত তেওঁৰ নাম চূড়ান্ত হ’ব পাৰে। আৰু সেই সময়ছোৱাত ডেম’ক্ৰেট শিবিৰে নতুন কাৰোবাক ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে উপস্থাপন কৰিব পাৰে।

 

১৯ৰ পৰা ২২ আগষ্টলৈ চিকাগোত অনুষ্ঠিত হ’ব ডেম’ক্ৰেটিক নেশ্যনেল কনভেনচন। চাৰিদিনীয়া এই সমাৱেশৰ অন্তত আনুষ্ঠানিকভাৱে জানিব পৰা যাব ৫ নৱেম্বৰৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত ট্ৰাম্পৰ প্ৰধান প্ৰতিদ্বন্দ্বী কোন হ’ব ? ইতিমধ্যে ৰিপাব্লিকান নেশ্যনেল কনভেনশ্যনত ট্ৰাম্পৰ নাম চূড়ান্ত কৰা হৈছে। ৰাষ্ট্ৰীয় অধিৱেশনত তেওঁৰ নাম আনুষ্ঠানিকভাৱে ঘোষণা কৰা হয়। আনহাতে, প্ৰাইমাৰীত ডেম’ক্ৰেট দলৰ সমৰ্থন  লাভ কৰে বাইডেনে ৷ কিন্তু যিহেতু তেওঁ দৌৰৰ পৰা আঁতৰি আহিছে, গতিকে ডেম’ক্ৰেটসকলে নতুন ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী বাছি ল’ব লাগিব। নিয়ম অনুসৰি নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীয়ে বাইডেনৰ সমৰ্থনত সংগ্ৰহ কৰা অনুদান ব্যৱহাৰ কৰিব পাৰিব।

 

ডেম’ক্ৰেটিক ৰাষ্ট্ৰীয় অধিৱেশনত অংশগ্ৰহণ কৰিব সমগ্ৰ দলটোৰ ৩৯০০ প্ৰতিনিধিয়ে। ইয়াৰ ভিতৰত ৭০০জন বিভিন্ন ৰাজ্যৰ ডেম’ক্ৰেটিক গৱৰ্ণৰ, আমেৰিকাৰ কংগ্ৰেছৰ সদস্য আৰু দলৰ শীৰ্ষ নেতা। এই ৭০০ লোকে প্ৰথমে ভোটাধিকাৰ প্ৰয়োগ নকৰে। কিন্তু ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী বাছনিৰ ক্ষেত্ৰত যদি একমত স্থাপন নহয় তেন্তে এই ৭০০ ভোটাৰৰ ভোট নিৰ্ণায়ক হ’ব পাৰে।

 

আমেৰিকাৰ একাংশ ৰাজনৈতিক পৰ্যবেক্ষকে ভাৰতীয় মূলৰ কমলা ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হোৱাৰ দৌৰত বাকীসকলতকৈ আগবাঢ়ি আছে বুলি ভাবে। প্ৰথমে বাইডেনে নিজেই নিজৰ নামটো প্ৰস্তাৱ কৰিছিল।  অৱশ্যে কিছুমান বিকল্প নামৰ বিষয়েও আলোচনা কৰা হৈছে। কেলিফৰ্ণিয়াৰ গৱৰ্ণৰ গেভিন নিউজমৰ নামো উচ্চাৰিত হৈছে ৷৫৬ বছৰীয়া ডেম’ক্ৰেট নেতাগৰাকীৰ ছান ফ্ৰান্সিস্কোৰ মেয়ৰ হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ অভিজ্ঞতা আছে ৷

 

ইয়াৰ উপৰিও মিচিগানৰ গৱৰ্ণৰ গ্ৰেচেন হুইটমাৰৰ বিষয়েও ডেম’ক্ৰেট দলৰ মাজত আলোচনা চলি আছে। মিচিগান ৰাজ্য মূলতঃ শ্ৰমিক শ্ৰেণীৰ অঞ্চল। য’ত কৃষ্ণাংগ আৰু আৰব-আমেৰিকান জনসংখ্যা বাস কৰে। যোৱা নিৰ্বাচনত এই দুটা শ্ৰেণীৰ ভোটাৰে বাইডেনৰ বিজয়ত সহায় কৰিছিল । পেনচিলভেনিয়াৰ গৱৰ্ণৰ জোছ ছাপিৰোও এই দৌৰত অংশগ্ৰহণ কৰিছে। ইয়াৰ পূৰ্বে তেওঁ দুবাৰকৈ প্ৰদেশখনৰ এটৰ্নী জেনেৰেল হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বাৰাক ওবামাৰ পত্নী মিচেল ওবামা, কেন্টাকিৰ গৱৰ্ণৰ এণ্ডী বেশ্বাৰ, মেৰিলেণ্ডৰ গৱৰ্ণৰ ৱেছ মূৰৰ বিষয়েও ডেম’ক্ৰেট শিবিৰত চৰ্চা চলিছে।

Previous Post

য’তে ততে ফোন চার্জত দিয়ে নেকি ? সাৱধান নহ’লে কি বিপদৰ সন্মুখীন হ’ব আপুনি ?

Next Post

অলিম্পিকত জয়ী হোৱাৰ পিছত কিয় পদক কামোৰে বিজয়ীসকলে? ইয়াৰ আঁৰৰ কাৰণ কি?

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
অলিম্পিকত জয়ী হোৱাৰ পিছত কিয় পদক কামোৰে বিজয়ীসকলে? ইয়াৰ আঁৰৰ কাৰণ কি?

অলিম্পিকত জয়ী হোৱাৰ পিছত কিয় পদক কামোৰে বিজয়ীসকলে? ইয়াৰ আঁৰৰ কাৰণ কি?

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7