পুনৰ অত্যন্ত প্ৰদুষিত হৈ পৰিছে দেশৰ ৰাজধানী দিল্লীৰ বায়ু ৷ বুধবাৰে সামান্য উন্নতিৰ পিছত প্ৰদূষণৰ মাত্ৰা পুনৰ আজি “গুৰুতৰ” হৈ পৰিছে ৷ পুৱা দিল্লী আৰু ইয়াৰ কাষৰীয়া অঞ্চলসমূহ ধোঁৱাৰ ডাঠ স্তৰে আৱৰি ধৰিছে ৷
চুবুৰীয়া ৰাজ্যসমূহত খেতিপথাৰত লগাই দিয়া জুই আৰু যান-বাহনৰ ধোঁৱাৰ ফলত দিল্লীৰ বায়ুৰ গুণাগুণ সূচাংকৰ ৪২৬ লৈ হ্ৰাস কৰিছে ৷
৪০১ৰ পৰা ৫০০ৰ ভিতৰৰ বায়ুৰ গুণাগুণ সূচকাংক (AQI)ক গুৰুতৰ হিচাপে শ্ৰেণীভুক্ত কৰা হৈছে ৷ দিল্লীৰ বায়ু বিষাক্ত হৈ পৰাৰ ফলত কেইবাজনো বাসিন্দাই উশাহ-নিশাহ লোৱাত অসুবিধাৰ সন্মুখীন হোৱা বুলি সংবাদমাধ্যমক অৱগত কৰিছে ৷ বায়ু প্ৰদূষণৰ ফলত বৃদ্ধ আৰু স্কুলীয়া ছাত্ৰ-ছাত্ৰী আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে।
বিশেষকৈ পুৱাৰ সময়ত এই বিষাক্ত বতাহৰ দীৰ্ঘদিন সংস্পৰ্শলৈ আহিলে স্বাস্থ্যজনিত গুৰুতৰ সমস্যাৰ সৃষ্টি হ’ব পাৰে বুলি চিকিৎসা বিশেষজ্ঞসকলে আশংকা কৰিছে ৷ এখন আগশাৰীৰ ব্যক্তিগত বিদ্যালয় দ্য শ্ৰী ৰাম স্কুলে বায়ুৰ গুণাগুণৰ অৱনতি ঘটাৰ পৰিপ্ৰেক্ষিতত ইয়াৰ দিল্লী আৰু হাৰিয়ানাৰ শাখাত ছাত্ৰ-ছাত্ৰীৰ বাবে নিয়মীয়া শ্ৰেণী বন্ধ কৰি দিছে । কাইলৈৰ পৰা বিদ্যালয়খনত অনলাইন ক্লাছ অনুষ্ঠিত হ’ব।
ৰাষ্ট্ৰীয় শিশু অধিকাৰ সুৰক্ষা আয়োগে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক বায়ুৰ গুণাগুণ উন্নত নোহোৱালৈকে বিদ্যালয় বন্ধ কৰিবলৈ আহ্বান জনাইছে ৷ অভিভাৱকসকলে অৱশ্যে কয় যে বিদ্যালয় বন্ধ কৰাৰ পৰিৱৰ্তে চহৰৰ বৰ্ধিত প্ৰদূষণৰ সৈতে মোকাবিলা কৰিবলৈ কৰ্তৃপক্ষই দীৰ্ঘম্যাদী ব্যৱস্থা গ্ৰহণ কৰা উচিত। সংবাদ মাধ্যমৰ আগত এগৰাকী মহিলাই কয় যে বিদ্যালয় বন্ধ কৰাটো কোনো সমাধান নহয়, প্ৰদূষণৰ সৈতে মোকাবিলা কৰিবলৈ চৰকাৰে কিবা এটা কৰা উচিত।
আন এজন অভিভাৱকে কয় যে, “আমাৰ ল’ৰা-ছোৱালীয়ে উশাহ লোৱাত কষ্ট পাইছে ৷ কিন্তু চৰকাৰে বিদ্যালয় বন্ধ কৰিব নালাগে। বায়ুৰ গুণাগুণ উন্নত কৰাৰ বাবে পদক্ষেপ ল’ব লাগে। মহামাৰীৰ সময়ত বিদ্যালয় বন্ধ হোৱাৰ সময়ত ল’ৰা-ছোৱালীবোৰে ইতিমধ্যে ক্ষতিগ্ৰস্ত হৈছিল।”বিশেষজ্ঞসকলে কয় যে দিল্লীৰ বায়ুৰ গুণাগুণ ১ নৱেম্বৰৰ পৰা ১৫ নৱেম্বৰৰ ভিতৰত আটাইতকৈ শোচনীয় হৈ পৰে ৷