২০২০ চনৰ এটা ধৰ্ষণৰ গোচৰত গ্ৰেপ্তাৰ হোৱাৰ পিছত জামিনত মুকলি হৈ অহা এজন অভিযুক্তই পুনৰ একে গৰাকী মহিলাক ধর্ষণ কৰাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ এই ঘটনা সংঘটিত হৈছে মধ্যপ্ৰদেশৰ জবলপুৰত ৷ ঘটনাৰ বিবৰণী অনুসৰি বৰ্তমান ১৯ বছৰীয়া এগৰাকী মহিলাক দুবছৰ পূৰ্বে বিবেক পেটেল নামৰ লোকজনে নাবালক অৱস্থাত ধৰ্ষণ কৰিছিল। তাৰ পাছতে তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল ৷ কিন্তু শেহতীয়াকৈ জামিনত মুক্তি লাভ কৰিছিল বিবেকে ৷ কিন্তু একে ভুল কৰি বিবেকে এজন ব্ন্ধুৰ সহযোগত মহিলাগৰাকীক পুনৰ ধর্ষণ কৰে ৷ হত্যাৰ ভাবুকি দি চোকা অস্ত্ৰ প্ৰদর্শন কৰি মহিলা গৰাকীক বিবেকে ধর্ষণ কৰাৰ লগতে পুর্বে ৰুজু কৰা গোচৰ প্ৰত্যাহাৰ কৰিবলৈ দাবী কৰে ৷
নাবালিকাগৰাকীক ধৰ্ষণ কৰাৰ অপৰাধত ২০২০ চনত গ্ৰেপ্তাৰ হৈছিল অভিযুক্তজন । কিন্তু তাৰ প্ৰায় এবছৰৰ পাছত ২০২১ চনত জামিনত মুকলি হৈ আছিল বিবেক ৷ আৰক্ষী বিষয়াজনে কয় -” এজাহাৰত মহিলাগৰাকীয়ে আৰক্ষীক জনাইছে যে প্ৰায় এমাহ পূৰ্বে অভিযুক্তই বলপূৰ্বকভাৱে তেওঁৰ ঘৰত প্ৰৱেশ কৰি তেওঁৰ বন্ধুৰ সৈতে চোকা অস্ত্ৰৰে ভাবুকি দি ধৰ্ষণ কৰিছিল। অভিযুক্ত আৰু তেওঁৰ বন্ধুৱে ধর্ষণ কাণ্ডৰ ভিডিঅ’ কৰিছিল । যদিহে তেওঁ পূৰ্বে দাখিল কৰা অভিযোগ প্ৰত্যাহাৰ নকৰে তেনেহ’লে ক্লিপটো ভাইৰেল কৰাৰ ভাবুকি দিছিল ৷ ” সোমবাৰে দলবদ্ধ ধৰ্ষণৰ গোচৰ ৰুজু কৰা হৈছে আৰু দুয়ো অভিযুক্তক গ্ৰেপ্তাৰৰ বাবে আৰক্ষীয়ে তালাচী অভিযান আৰম্ভ কৰিছে বুলিও তেওঁ জানিবলৈ দিয়ে।