ক’ভিড মহামাৰীৰ তৃতীয় ঢৌ আৰম্ভ হোৱাৰ লগে লগে বিশ্বজুৰি পুনৰ এক অচলাৱস্থাৰ সৃষ্টি হৈছে ৷ পূর্বৰ দুটা ঢৌৱে বিশ্বাবাসীক একপ্ৰকাৰ কোঙা কৰি তুলিছে ৷ দ্বিতীয় ঢৌত প্ৰাণ হেৰুৱাইছে লাখ লাখ লোকে ৷ ইয়াৰ উপৰিও বিশ্বজুৰি মহামাৰীৰ বিভিন্ন আন প্ৰভাৱ পৰিলক্ষিত হৈছে ৷ বিশেষকৈ জীৱন জীৱিকা হেৰুৱাই সর্বস্বান্ত হৈ পৰিছে লাখ লাখ লোক ৷ ক’ভিডৰ সংক্ৰমনে বিশ্ববাসীক আতংকিত কৰি ৰখা এই দুবছৰতে কোটি কোটি লোকে কটাবলগীয়া হৈছে দৰিদ্ৰতাৰ জীৱন ৷ বিগত দুবছৰতে বিশ্বৰ ১৬ কোটিতকৈয়ো অধিক লোকক দৰিদ্ৰতাৰ মাজলৈ ঠেলি দিছে মহামাৰীয়ে ৷ এই ভয়াৱহ তথ্য প্ৰকাশ পাইছে অক্সফাম ইণ্টাৰনেচনেলৰ শেহতীয়া প্ৰতিবেদনত ৷ বিশ্ব অৰ্থনৈতিক মঞ্চৰ অনলাইন বার্ষিক সন্মিলনৰ প্ৰথম দিনা মুকলি কৰা ‘ইনইকুৱেলিটি কিলছ’ শীৰ্ষক প্ৰতিবেদনত অক্সফাম ইণ্টাৰনেচনেলে লগতে কয় যে সমাজত সৃষ্টি হোৱা আর্থিক অসমতাৰ বাবে প্ৰতিদিনে কমেও ২১,০০০ লোকৰ মৃত্যু হৈছে ৷ অর্থাৎ প্ৰতি চাৰি ছেকেণ্ডত এজন ব্যক্তিৰ মৃত্যু ঘটিছে ৷ প্ৰতিবেদনত প্ৰকাশ পোৱা অনুসৰি মহামাৰীৰ প্ৰথম দুবছৰত ৯৯ শতাংশ লোকৰ উপাৰ্জন হ্ৰাস পাইছিল ৷ স্বাস্থ্যসেৱাৰ অভাৱ, লিংগ-বৈষম্যৰ বাবে হোৱা হিংসা, দৰিদ্ৰতা আৰু জলবায়ু পৰিৱর্তনৰ ফলত বিশ্বব্যাপী হোৱা মৃত্যু হোৱা লোকক এই প্ৰতিবেদনত সাঙুৰি লোৱা হৈছে ৷ লক্ষণীয় যে বিশ্বৰ দহজন ধনী ব্যক্তিৰ সম্পত্তি মহামাৰীৰ প্ৰথম দুবছৰতে দুগুণলৈ বৃদ্ধি পাইছিল ৷