প্ৰচণ্ড গৰমৰ পিছত হোৱা ধাৰাষাৰ বৃষ্টিপাতৰ ফলত হাহাকাৰ পৰিবেশৰ সৃষ্টি হৈছে বিহাৰত ৷ কালি ৰাজ্যখনত বজ্ৰপাতত একেলগে ১৬খন জিলাৰ ৩৩জন লোক নিহত হোৱা বুলি জানিব পৰা গৈছে ৷ প্ৰচণ্ড গৰমৰ পিছত হোৱা ধাৰাষাৰ বৃষ্টিপাত আৰু বিজুলী-ঢেৰেকণীৰ ফলত হোৱা বজ্ৰপাতত একেলগে প্ৰাণ হেৰুৱালে বিহাৰৰ ৩৩জনকৈ লোকে ৷
বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে এই শোকাবহ ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ আত্মীয়সকলক ৪ লাখ টকাৰ আৰ্থিক সাহায্য ঘোষণা কৰিছে। মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে কয় যে শস্য আৰু ঘৰৰ ক্ষতিৰ মূল্যাঙ্কন কৰাৰ পিছত ক্ষতিগ্ৰস্ত পৰিয়ালবোৰক সহায় আগবঢ়োৱাৰ নিৰ্দেশনা দিয়া হ’ব। কাৰ্যালয়ে লগতে কয় যে শস্য আৰু ঘৰৰ ক্ষতি পৰীক্ষা কৰাৰ পিছত পৰিয়ালবোৰক সহায় আগবঢ়োৱাৰ সিদ্ধান্ত লোৱা হৈছিল।
উল্লেখযোগ্য যে ১৯ মে’ৰ আবেলি ৰাজ্যখনৰ কেইবাখনো জিলাত তীব্ৰ ধুমুহাৰ সৈতে কিছু সময়ৰ বাবে বৃষ্টিপাত হৈছিল।বিষয়াসকলে জনাইছিল যে, ৰাস্তাত বাধা দিয়া আৰু বৈদ্যুতিক খুটাবোৰ ক্ষতিগ্ৰস্ত কৰা বহু গছ উচ্ছেদ কৰা হৈছিল ।
আইএমডিৰ তথ্য অনুসৰি, গুণাহা জিলাত ১৫.২ মি:মি: আৰু আৰাৰিয়াত ৫ মি:মি: বৰষুণ হৈছিল। আইএমডিয়ে কৈছিল যে সমস্তিপুৰত ২২ মি:মি: , ভাগলপুৰত ১৮.২ মি:মি: আৰু আৰাৰিয়াত ৫ মি:মি: বৰষুণ হৈছিল।আনহাতে ঔৰঙ্গাবাদত সৰ্বাধিক তাপমাত্ৰা আছিল ৪৪.৩° চেণ্টিগ্ৰেড, নৱাদাত ৪৩.৮° চেণ্টিগ্ৰেড, শ্বেখপুৰাত ৪৩.৬°চে., নালন্দাত ৪১.৫°চে., গয়াত ৪০°চে. আৰু পাটনাত সৰ্বোচ্চ তাপমাত্ৰা আছিল ৪০.৪° চেলছিয়াচ। ৰাজ্যখনত ২৩ মে’লৈকে প্ৰচুৰ বৰষুণ আৰু বজ্ৰপাতৰ সম্ভাৱনা আছে।
উল্লেখনীয় যে আইএমডিয়ে ২০ মে’ৰ বাবে ৰাজ্যখনৰ পশ্চিম চম্পাৰণ, পূব চম্পাৰণ, গোপালগঞ্জ, শ্বেওহাৰ, সীতামাঢ়ী, মুজাফ্ফৰপুৰ, দৰভাঙ্গা, মধুবনী, চাহাৰচা, মাধেপুৰা, সুপল, আৰাৰিয়া, কিষাণগঞ্জ, পূৰ্ণিয়া আৰু কাটিহাৰ আদি অঞ্চলত হালধীয়া সতৰ্কবাণী জাৰি কৰিছিল।