দেশত পুনৰ ক’ভিডে জটিল ৰূপ ধাৰণ কৰাৰ দিশে আগবাঢ়িছে ৷ দেশৰ প্ৰতিটো প্ৰান্ততে বৃদ্ধি পাইছে ক’ভিডৰ সংক্ৰমন ৷ ডেল্টা ভেৰিয়েণ্টৰ লগতে ক’ভিডৰ নতুন ভেৰিয়েণ্ট অমিক্ৰনৰ সংক্ৰমনো সমানে বৃদ্ধি পাইছে ৷ বিগত ২৪ ঘণ্টাত দেশত ৯০,০০০ জনতকৈয়ো অধিক লোক নতুনকৈ আক্ৰান্ত হৈছে ৷ নতুনকৈ আক্ৰান্ত হোৱা লোকৰ সংখ্যা হৈছে ৯০,৯২৮ জন ৷ এদিন পূর্বৰ তুলনাত এয়া ৫৬.৫ শতাংশ বৃদ্ধি ৷ দেশখনত অমিক্ৰনত সংক্ৰমিত হৈছে ২,৬৩০ জন লোক ৷ ইয়াৰে মহাৰাষ্ট্ৰত ৭৯৭ জন আৰু দিল্লীত ৪৬৫ জন লোক আক্ৰান্ত হৈছে ৷ অত্যন্ত সংক্ৰামক অমিক্ৰন দেশৰ ২৬ খন ৰাজ্যলৈ বিয়পি পৰিছে ৷ বুধবাৰে ৰাজস্থানত প্ৰথমজন অমিক্ৰনত আক্ৰান্তৰ মৃত্যু ঘটিছে ৷
সাপ্তাহিক পজিটিভিটি হাৰ হৈছে ৩.৪৭ শতাংশ ৷ আনহাতে দৈনিক পজিটিভিটি হাৰ হৈছে ৬.৪৩ শতাংশ। দেশত সুস্থতাৰ হাৰ বৰ্তমান ৯৭.৮১ শতাংশ। যোৱা ২৪ ঘণ্টাত ১৯,২০৬ জন লোক আৰোগ্য হৈছে। আৰোগ্য হোৱা লোকৰ মুঠ সংখ্যা হৈছে ৩,৪৩,৪১,০০৯ জন। চিকিৎসাধীন ৰোগীৰ সংখ্যা হৈছে ২,৮৫,৪০১ জন।
স্বাস্থ্য মন্ত্ৰালয়ৰ শেহতীয়া তথ্য অনুসৰি ৩২৫ জন লোকৰ বিগত ২৪ ঘন্টাত মৃত্যু হৈছে। ইতিমধ্যে কেইবাখনো ৰাজ্যই সান্ধ্য আইনকে ধৰি দৰে কেতবোৰ নিষেধাজ্ঞা ঘোষণা কৰিছে ৷ সমান্তৰালভাৱে ১৫-১৮ বছৰ বয়সৰ লোকসকলক টীকাকৰণ কৰা হৈছে। ভাৰতত ১৪৭ কোটিৰো অধিক ভেকচিনৰ পালি প্ৰদান কৰা হৈছে ৷ দেশৰ ভিতৰতে মহাৰাষ্ট্ৰত সর্বাধিক ২৬,৫৩৮ জন লোক ক’ভিডত আক্ৰান্ত হৈছে ৷ইয়াৰ পিছত পশ্চিম বংগত ১৪,০০২ জন লোক সংক্ৰমিত হৈছে ৷ যোৱা ২৪ ঘণ্টাৰ ভিতৰত দিল্লীত নতুন কোভিড ৰোগীৰ সংখ্যা প্ৰায় দুগুণ হৈছে ৷ দিল্লীত ৫৪৮১ জনৰ পৰা ১০,৬৬৫ জনলৈ লৈ বৃদ্ধি হৈছে।