শিক্ষানুষ্ঠানত হিজাব পৰিধানক লৈ সৃষ্টি হোৱা বিতর্ক মাৰ নৌযাওতেই এইবাৰ কর্ণাটকত আন এক বিতর্কই তোলপাৰ লগাইছে ৰাজনৈতিক মহলত ৷ শাসনাধিষ্ঠিত বিজেপি চৰকাৰৰ এজন মন্ত্ৰীয়ে ৰাষ্ট্ৰীয় পতাকাক লৈ কৰা মন্তব্যৰ পাছতে সৃ্ষ্টি হৈছে এই বিতর্ক ৷ দেশৰ ৰাষ্ট্ৰীয় পতাকাৰ সলনি গেৰুৱা পতাকা হ’ব লাগে বুলি মন্ত্ৰী কে এছ ইশ্বৰাপ্পাই কৰা মন্তব্যৰ পাছতে তীব্ৰ প্ৰতিবাদ অব্যাহত ৰাখিছে বিৰোধী দল কংগ্ৰেছে ৷ বিতর্কিত মন্তব্য কৰাৰ বাবে মন্ত্ৰী গৰাকীক নিলম্বন কৰাৰ লগতে দেশদ্ৰোহিতাৰ গোচৰ ৰুজু কৰিবলৈ কংগ্ৰেছে দাবী উত্থাপন কৰিছে ৷ মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবীৰে বিৰোধী দলটোৱে বিধানসভাৰ মজিয়াতো অব্যাহত ৰাখিছে প্ৰতিবাদ ৷ আনকি মন্ত্ৰী গৰাকী নিলম্বনৰ দাবীৰে প্ৰতিবাদৰ অংশ হিচাপে বৃহস্পতিবাৰে বিধানসভাৰ মজিয়াত নিশা কটাবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে কংগ্ৰেছ বিধায়কসকলে ৷
ইপিনে বিৰোধী দলৰ বিধায়কসকলৰ প্ৰতিবাদৰ বাবে দুদিন ধৰি দুয়োখন সদনৰ কাম-কাজ স্তব্ধ হৈ পৰিছে ৷ কালি মুখ্যমন্ত্ৰী বাসবৰাজ বোম্মাই, অধ্যক্ষ বিশ্বেশ্বৰ হেগড়ে কাগেৰী আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী বি এছ য়েদিয়ুৰাপ্পাই বিধানসভা চৌহদত বিৰোধী দলৰ নেতা তথা কংগ্ৰেছ বিধায়িনী দলৰ নেতা সিদ্ধাৰামাইয়াক সাক্ষাৎ কৰি বিষয়টোৰ সমাধানৰ পথ উলিয়াবলৈ চেষ্টা কৰে যদিও আলোচনা ব্যর্থ হয় ৷ এই বৈঠকৰ পাছত য়েদিয়ুৰাপ্পাই কয়-“আমি বিৰোধী দলৰ নেতাসকলক প্ৰায় দুঘণ্টা ধৰি সৈমান কৰিবলৈ চেষ্টা কৰিছিলো। আমি তেওঁলোকক বিধানসভাত নিশা নকটাবলৈ আহ্বান জনাইছিলো ৷ কিন্তু তেওঁলোকে ইতিমধ্যে সিদ্ধান্ত গ্ৰহন কৰিছে । অধ্যক্ষইও বুজাবলৈ চেষ্টা কৰিছিল। আমি যথাসাধ্য চেষ্টা কৰিছো কিন্তু তেওঁলোকে সন্মত হোৱা নাই। আমি পুনৰ তেওঁলোকক সৈমান কৰিবলৈ চেষ্টা কৰিম ৷”
আনহাতে বিধানসভাৰ বাহিৰত সাংবাদিকক সম্বোধন কৰি সিদ্ধাৰামাইয়াই বিজেপি আৰু ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ (আৰ এছ এছ)ৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় পতাকাক অসন্মান কৰাৰ অভিযোগ উত্থাপন কৰি কয় যে কংগ্ৰেছে বিষয়টোৰ সমাধান নোহোৱালৈ দিনে –নিশাই প্ৰতিবাদ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ সাংবিধানিক মুৰব্বী হিচাপে ৰাজ্যপালে এই বিষয়টোত হস্তক্ষেপ কৰি ইশ্বৰাপ্পাৰ বৰ্খাস্তৰ বাবে নিৰ্দেশনা দিব লাগিছিল ৷ কিন্তু মুখ্যমন্ত্ৰীয়েও ইশ্বৰাপ্পাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা নাই ৷ ইফালে, ইশ্বৰাপ্পাই কৈছিল যে তেওঁ কোনো কাৰণতে পদত্যাগ কৰাৰ কোনো প্ৰশ্নই উত্থাপন নহয় ৷