১৫ অক্টোবৰৰ পৰা পবিতৰা অভয়াৰণ্য পৰ্যটকৰ বাবে আনুষ্ঠানিক ভাবে মুকলি কৰা হয়। এতিয়াৰে পৰা জিপ চাফাৰি আৰু হাতী চাফাৰি উপলব্ধ হ’ব।
এশিঙীয়া গঁড়ৰ বাবে বিখ্যাত পবিতৰা অভয়াৰণ্য কালি মন্ত্ৰী পীয়ুষ হাজৰিকা ডাঙৰীয়াই আনুষ্ঠানিক ভাবে অভয়াৰণ্যখন মুকলি কৰি হাদুক বিলৰ পাৰত এখন সভাত অংশগ্ৰহণ কৰে।