শাসক-বিৰোধীৰ তীব্ৰ বাক-বিতণ্ডাৰ মাজেৰে ৰাজ্যসভালৈ নির্বাচিত হোৱা পবিত্ৰ মার্ঘেৰিটা আৰু ৰৌণগৌড়া নার্জাৰীয়ে আজি সাংসদ হিচাপে শপত গ্ৰহণ কৰে ৷ বিজেপিৰ পবিত্ৰ মার্ঘেৰিটা আৰু ইউ পি পি এলৰ ৰণগৌড়া নার্জাৰীক শপত বাক্য পাঠ কৰোৱাই ৰাজ্যসভাৰ অধ্যক্ষ তথা উপ ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুৱে ৷ পবিত্ৰ মার্ঘেৰিটাই অসমীয়া ভাষাত আৰু ৰৌণগৌড়া নার্জাৰীয়ে বড়ো ভাষাত শপত গ্ৰহণ কৰে ৷ উল্লেখ্য যে ৰিপুন বৰা আৰু ৰাণী নৰহৰ কার্যকাল শেষ হোৱাৰ পাছত খালী হোৱা দুখন আসনৰ বাবে যোৱা ৩১ মার্চত নির্বাচন অনুষ্ঠিত হৈছিল ৷ একাংশ বিৰোধীৰ বিধায়কৰ ভোট লাভ কৰি বিজেপি মিত্ৰজোঁটৰ দুই প্ৰার্থী জয়ী হৈছিল ৷ আনহাতে এই নির্বাচনত পৰাজিত হয় কংগ্ৰেছৰ প্ৰার্থী ৰিপুন বৰা ৷