ক্ৰমাৎ সুস্থ হৈছে ”ৰংমিলিৰ হাঁহি”ৰ স্ৰষ্টা ‘পদ্মশ্ৰী’ ৰংবং তেৰাং ৷ দেওবাৰে হঠাৎ অসুস্থ হৈ পৰিছিল সাহিত্যিক গৰাকী ৷ ইয়াৰ পাছতে তেওঁক ডিফু মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰোৱা হয় ৷ দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰি শুই থকা অৱস্থাতে অসুস্থ হৈ পৰা তেৰাঙক আইচিইউত ৰাখি চিকিৎসা কৰা হয় ৷ অৱশ্যে পৰৱর্তী সময়ত উন্নত চিকিৎসাৰ বাবে তেওঁক নিশাই দিছপুৰ পলি ক্লিনিকত ভর্ত্তি কৰোৱা হয় ৷ বিশেষজ্ঞ চিকিৎসকৰ দলে তেওঁৰ চিকিৎসা সেৱা অব্যাহত ৰাখিছে ৷ আজি তেওঁক যথেষ্ট সুস্থ অৱস্থাত দেখা গৈছে ৷ পুৱাৰ আহাৰ গ্ৰহণ কৰাৰ লগতে তেওঁ চিকিৎসক আৰু পৰিয়ালৰ সৈতে কথা বতৰাও পাতিছে ৷
উল্লেখ্য যে কাৰ্বি সাহিত্য সভাৰ সম্পাদকৰ দায়িত্ব গ্ৰহণ কৰা প্ৰথম জন ব্যক্তি আছিল ৰংবং তেৰাং। তেওঁ ঘাইকৈ অসমীয়া আৰু কাৰ্বি ভাষাত সাহিত্য ৰচনা কৰি আহিছে। ইয়াৰ উপৰিও অসম সাহিত্য সভাৰ সভাপতিৰ দায়িত্ব দুবাৰকৈ তেওঁৰ ওপৰত অৰ্পণ কৰা হৈছিল। কেৱল সাহিত্যৰ সাধনাৰেই নহয় শিক্ষকতাৰেও কাৰ্বি আংলং আৰু অসমৰ সমাজ জীৱনত বিশেষ ভাবে প্ৰভাৱ পেলোৱা ৰংবং তেৰাং সকলো বয়সৰ ব্যক্তিৰ বাবে প্ৰেৰণাৰ উৎস। ১৯৮৯ চনত ভাৰত চৰকাৰে তেওঃক পদ্মশ্ৰী বঁটা প্ৰদান কৰিছিল।