পাকিস্তানী সেনাৰ মুৰব্বী জেনেৰেল কামাৰ জাভেদ বাজৱাৰ ছবছৰীয়া কাৰ্যকালত তেওঁৰ পৰিয়ালৰ সদস্য আৰু আত্মীয়-স্বজনৰ নামত বৃহৎ পৰিমানৰ সা-সম্পত্তি গঢ়ি তুলিছিল ৷ যাৰ ফলত তেওঁৰ সম্পত্তিৰ পৰিমাণ ১২.৭ বিলিয়ন হৈছিল বুলি পাকিস্তানৰ এটা ৱেবছাইটে দাবী কৰিছে ৷ ইয়াৰ পাছতে চৰকাৰে সোমবাৰে সেনাৰ মুৰব্বীজনৰ বিৰুদ্ধে তদন্ত ঘোষণা কৰিছে ৷ ফেক্টফ’কাছ ৱেবছাইটটোৱে ২০১৩ চনৰ পৰা ২০২১ চনলৈকে জেনেৰেল বাজৱা আৰু তেওঁৰ পৰিয়ালৰ সম্পত্তিৰ তালিকা নিজৰ পেজত প্ৰকাশ কৰিছে ৷
জেনেৰেল বাজৱাৰ পৰিয়ালৰ কৰ প্ৰদান সন্দৰ্ভত প্ৰকাশিত প্ৰতিবেদন অনুসৰি পাকিস্তানৰ ভিতৰত আৰু বাহিৰত সেনা প্ৰধানগৰাকীৰ সম্পত্তি আৰু ব্যৱসায়ৰ বৰ্তমানৰ বজাৰ মূল্য হৈছে ১২.৭ বিলিয়ন ।
চলিত মাহৰ শেষৰ ফালে জেনেৰেল বাজৱাৰ নিৰ্ধাৰিত অৱসৰৰ কিছুদিন পূৰ্বে প্ৰকাশ পোৱা প্ৰতিবেদনত দাবী কৰা হৈছে যে ২০১৬ চনত জেনেৰেল বাজৱাৰ পত্নী আয়েছা আমজাদৰ সম্পত্তি আছিল শূন্য ৷ কিন্তু ছয় বছৰত তেওঁৰ সম্পত্তি ২.২ বিলিয়নলৈ বৃদ্ধি পাইছে। ইয়াত উল্লেখ কৰা হৈছে যে এই ধনৰাশিৰ ভিতৰত আৱাসিক ভূমি, বাণিজ্যিক ভূমি আৰু সেনাই স্বামীক দিয়া ঘৰ অন্তৰ্ভুক্ত কৰা হোৱা নাই।
প্ৰতিবেদনত লগতে অভিযোগ কৰা হৈছে যে ২০১৮ চনৰ অক্টোবৰৰ যোৱা সপ্তাহত জেনেৰেল বাজৱাৰ বোৱাৰী মাহনুৰ ছাবিৰৰ ঘোষিত সম্পত্তিৰ মুঠ মূল্য শূন্যৰ পৰা ২০১৮ চনৰ ২ নৱেম্বৰত ১২৭১ মিলিয়নলৈ বৃদ্ধি পাইছে ? ইয়াৰ বিপৰীতে মাহনুৰৰ ভগ্নী হামনাৰ সম্পত্তিৰ পৰিমাণ ২০১৬ চনত শূন্যৰ পৰা ২০১৭ চনৰ ভিতৰত কোটি টকালৈ বৃদ্ধি পাইছিল ৷তদুপৰি, ২০১৩ চনত সেনাধ্যক্ষজনৰ পুত্ৰৰ শহুৰেক ছাবিৰ হামিদৰৰ সম্পত্তিৰ পৰিমান কোটিৰ ঘৰলৈ বৃদ্ধি পালে ৷
সোমবাৰে জেনেৰেল বাজৱাৰ পৰিয়ালৰ সদস্যসকলৰ কৰ আৰু সম্পদৰ সবিশেষ ৱেবছাইটটোৱে অনলাইনযোগে প্ৰকাশ কৰাৰ পিছতে বিত্তমন্ত্ৰী ইছহাক দাৰে তদন্তৰ নিৰ্দেশ দিয়ে।