বিগত তিনি দশকৰ ভিতৰত হোৱা সৰ্বাধিক বৰষুণৰ ফলত পাকিস্তানত ভয়াৱহ ৰূপ ধাৰণ কৰিছে বানে ৷ বানপানীত জুন মাহৰ পৰা কমেও ১০০০ লোকৰ দেশখনত মৃত্যু হোৱাৰ লগতে ১০ বিলিয়ন ডলাৰতকৈ অধিক ক্ষতিসাধন হৈছে।
সমগ্ৰ দক্ষিণ এছিয়াত অভিলেখসংখ্যক উষ্ণতা বৃদ্ধি হোৱাৰ সময়তে পাকিস্তানত হোৱা অত্যাধিক বৰষুণ এক “জলবায়ু বিপৰ্যয়” বুলি পাকিস্তানৰ জলবায়ু পৰিৱৰ্তন মন্ত্ৰী শ্বেৰী ৰেহমানে প্ৰকাশ কৰিছে ৷ জাৰ্মান টেলিভিছন ডি ডব্লিউ নিউজক ৰেহমানে কয় যে বহু জিলা সাগৰ যেন হৈ পৰিছে ৷ আনকি এই জিলাসমূহত হেলিকপ্টাৰে ৰেচন পেলাবলৈ শুকান মাটি বিচাৰি পোৱা নাই। বিশ্বৰ পঞ্চম সৰ্বাধিক জনবহুল দেশ পাকিস্তানত ৩ কোটিতকৈ অধিক লোক বানত আক্ৰান্ত হৈছে ৷ প্ৰথমবাৰৰ বাবে উদ্ধাৰ অভিযানত নৌসেনা মোতায়েন কৰা হৈছে ৷
বিত্তমন্ত্ৰী মিফতা ইছমাইলে কয় যে অৰ্থনীতিৰ বিভিন্ন খণ্ড কিমান বেয়াকৈ প্ৰভাৱিত হৈছে ৷ ইয়াৰ ক্ষতি তেওঁৰ ১০ বিলিয়ন ডলাৰতকৈ অধিক হ’ব ৷ইয়াৰ কোনো তাৎক্ষণিক মূল্যায়ন কৰা হোৱা নাই ৷
সোমবাৰে সাংবাদিকৰ আগত ইছমাইলে কয় যে তেওঁৰ হাতত ধন নাই ৷ কিন্তু কিবা এটা উপায় ওলাব বুলি তেওঁ আশা প্ৰকাশ কৰে ৷ কৰাচীস্থিত জে এছ গ্ল’বেল কেপিটেলৰ এক প্ৰতিবেদন অনুসৰি পাকিস্তানত এইবাৰ বাৰিষাত হোৱা বৰষুণৰ পৰিমানে ২০১০ চনত হোৱা বিধ্বংসী আকস্মিক বানপানীৰ সময়ৰ ৰেকৰ্ড অতিক্ৰম কৰিছে ৷