আজি নিচেই পুৱা এক শক্তিশালী ভুমিকম্পই জোকাৰি যায় পাকিস্তানৰ বেলুচিস্তান প্ৰদেশ৷ ৰিখতাৰ স্কেলত এই ভুমিকম্পৰ প্ৰাবল্য আছিল ৫.৯৷ এই ভুমিকম্পত ২০ জন লোকৰ মৃত্য ঘটাৰ লগতে আন ৩৩ জন লোক আঘাতপ্ৰাপ্ত হৈছে৷ দু্র্যোগ ব্যবস্থাপনা বিভাগৰ বিষয়াসকলে প্ৰকাশ কৰা অনুসৰি ভুমিকম্পত মৃত্য হোৱা লোকৰ সংখ্যা অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে৷ জানিব পৰা মতে এই ভুমিকম্পৰ অভিকেন্দ্ৰ হৈছে হাৰনাই৷ভু পৃষ্ঠৰ পৰা ১৫ কিল’মিটাৰ গভীৰতাত এই ভুমিকম্পৰ উৎপত্তি হৈছিল৷ প্ৰাদেশিক দুর্য়োগ ব্যবস্থাপনা বিভাগে সদৰি কৰা অনুসৰি মৃত্য হোৱা লোকসকলৰ ভিতৰত বহু কেইগৰাকী হৈছে শিশু আৰু মহিলা৷ভুমিক্ম্পত প্ৰদেশখনৰ কুৱেটা,ছিবি,হাৰনাই,পিছিন,ছিমান,জিৰাত আদি চহৰৰ ব্যাপক ক্ষতিগ্ৰস্থ হৈছে৷হাৰনাইত প্ৰায় ৭০টা বাসগৃহ ধংস হৈছে৷