পাকিস্তানৰ চোৰাংচোৱা সংস্থা ইণ্টাৰ চাৰ্ভিচেছ ইনটেলিজেন্স (আই এছ আই)ৰ শীৰ্ষ পদত নিযুক্তি লাভ কৰিছে ডাউদ ইব্ৰাহিমে ? ফ্ৰী প্ৰেছ জাৰ্নেলৰ এক প্ৰতিবেদনত এই দাবী কৰা হৈছে। খবৰ অনুসৰি ডাউদক পাক আই এছ আইৰ সহকাৰী সঞ্চালক প্ৰধান (এ ডি জি) হিচাপে নিযুক্তি দিয়া হৈছে। কিন্তু এই পদটো সন্মানীয়। পাকিস্তানৰ চোৰাংচোৱা ব্যৱস্থালৈ আগবঢ়োৱা অৱদানৰ বাবে এই পদটো ডাউদক দিয়া হৈছিল।
মুম্বাই আৰক্ষী কনিষ্টবলৰ পুত্ৰ ডাউদে আশীৰ দশকত ভাৰতৰ পৰা ডুবাইলৈ পলাই গৈছিল। তাৰ পৰাই তেওঁ পাকিস্তানৰ সৈতে যোগাযোগ স্থাপন কৰিছিল। কোৱা হয় যে ১৯৯৩ চনৰ ১২ মাৰ্চত মুম্বাইত সংঘটিত হোৱা ধাৰাবাহিক বোমা বিস্ফোৰণৰ মাষ্টাৰমাইণ্ড আছিল ডাউদ । তেওঁ পাকিস্তানৰ পৰা এই আক্ৰমণ চলাইছিল।
আমেৰিকাৰ পৰা ৰাষ্ট্ৰসংঘলৈকে সকলোৰে হিচাপত ডাউদক বিশ্বমানৰ সন্ত্ৰাসবাদী বুলি ঘোষণা কৰা হৈছে। অভিযোগ কৰা হৈছে যে তেওঁ আল কায়দা, তালিবানৰ সৈতে জড়িত আছিল। ওছামা বিন লাডেনৰ সৈতে কাম কৰিছিল। ডাউদে বিশ্বব্যাপী অবৈধ ড্ৰাগছ সৰবৰাহৰ চক্ৰ চলায়। উগ্ৰপন্থী নেটৱৰ্ক ব্যৱহাৰ কৰি ব্যৱসায়টো আগবঢ়াই নিছে সেই ডাউদে পাক চোৰাংচোৱা সংস্থাসমূহৰ সৈতে হাত মিলাই আন কিবা পৰিকল্পনা কৰিব নেকি তাক লৈ সক্ৰিয় হৈ পৰিছে ভাৰতীয় চোৰাংচোৱা ৷