কাশ্মীৰ কাঢ়ি লবলৈ পাকিস্তানে সহায় ল’ব নৃশংস সন্ত্ৰাসবাদী সংগঠন তালিবানৰ। এই হুংকাৰ প্ৰদান কৰিছে পাকিস্তানৰ পি টি আইৰ নেত্ৰী নিলম ইৰ্ছাদ শ্বেখে।
কাশ্মীৰ জয়ৰ বাবে ভাৰতৰ চিৰ শত্ৰু দেশ পাকিস্তানে সহায় ল’ব তালিবান সন্ত্ৰাসবাদীৰ। এই কথা বুধবাৰে মুকলিকৈ প্ৰকাশ কৰিছে পি টি আইৰ জেষ্ঠ নেত্ৰী গৰাকীয়ে।
পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানৰ দল পি টি আইৰ জেষ্ঠ নেত্ৰী তথা প্ৰধানমন্ত্ৰীৰ ঘনিষ্ঠ শ্বেখে বুধবাৰে মুকলিকৈ ঘোষণা কৰে এইকথা।এই ঘোষণাৰ পিছতেই ভাৰতে লাভ কৰিলে পাকিস্তানৰ এই ভয়ংকৰ ষড়যন্ত্ৰৰ কথা।
পোহৰলৈ আহিল পাকিস্তানে জম্মু কাশ্মীৰক লৈ চলাই থকা গোপন অভিসন্ধি। কেনেকৈ সন্ত্ৰাসবাদী সংগঠনৰ সৈতে গোপন বুজা বুজিৰে পাকিস্তানে ভাৰতৰ ভূমি কাশ্মীৰত অশান্ত পৰিবেশৰ সৃষ্টি কৰি আহিছিল।
ৰাষ্ট্ৰসংঘৰ মজিয়াত সন্ত্ৰাসবাদৰ বিষয় লৈ চৰ্চা চলি থকাৰ মাজতে তালিবানৰ সহযোগত কাশ্মীৰ দখল কৰিবলৈ ভাৰতৰ বিৰুদ্ধে পাকিস্তানে যুঁজ দিবলৈ হুংকাৰ প্ৰদান কৰিছে।
উল্লেখ যোগ্য যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সেনাবাহিনী আফগানিস্তানৰ পৰা প্ৰত্যাহাৰৰ অন্তিম সময়সীমাৰ দুসপ্তাহ পূৰ্বে পাকিস্তানৰ সহযোগত তালিবানে আফগানিস্তান দখল কৰে।
ইফালে পাকিস্তানে তালিবানক সহায় কৰি আফগানিস্তান দখল কৰা বুলি আফগান চৰকাৰে ইতিমধ্যে অভিযোগ আনিছে।যিহেতু আফগানিস্তাৰ প্ৰাক্তন উপ ৰাষ্ট্ৰপতি তথা স্ব-ঘোষিত তত্ত্বাবধায়ক ৰাষ্ট্ৰপতি আমৰুল্লা ছালেহে পাকিস্তানে তালিবানক সহায় কৰাৰ কথা মুকলিকৈ প্ৰকাশ কৰিছে।