ভাৰতৰ ভূখণ্ডত পুনৰ প্ৰৱেশ কৰিছে পাকিস্তানী ড্ৰোন। বি এছ এফে পাক ড্ৰোন গুলীয়াই ভূপতিত কৰে ৷ পঞ্জাৱৰ তৰণ তৰণ জিলাত সংঘটিত হৈছে এই ঘটনা। শনিবাৰে পুৱা লখানা গাঁৱৰ পৰা উদ্ধাৰ কৰে ড্ৰ’নখন।
শুকুৰবাৰে নিশা বি এছ এফে প্ৰত্যক্ষ কৰে পাকিস্তানী ড্ৰ’নখন। লগে লগে ড্ৰ’নখন গুলীয়াই ভূপতিত কৰা হয়। সেই সময়ত বিএছএফ আৰু পঞ্জাৱ আৰক্ষীয়ে অঞ্চলটোত তালাচী চলাই আছিল। সেই অঞ্চলত অনুসন্ধান তীব্ৰতৰ কৰা হৈছে।
ইয়াৰ পূৰ্বেও ভাৰতীয় আকাশমাৰ্গত পাকিস্তানী ড্ৰোন নিক্ষেপ কৰা হৈছিল। ২২ জুনত বি এছ এফে পঞ্জাৱৰ ফাজিলকা অঞ্চলত ড্ৰ’ন উদ্ধাৰ কৰে। লগতে উদ্ধাৰ হৈছে হেৰ’ইন। কিছুদিন পূৰ্বে বি এছ এফে ৰাজস্থানত ভাৰতীয় আকাশমাৰ্গত প্ৰৱেশ কৰা এখন ড্ৰ’ন ভূপতিত কৰিছিল। জম্মু-কাশ্মীৰৰ কাঠুৱাত চলিত মাহত উদ্ধাৰ হৈছে এয়াৰপ্লেন আকাৰৰ বেলুন। ক’লা-বগা বেলুনত পাকিস্তান এয়াৰলাইন্সৰ নাম ‘পিআইএ’ লিখা আছিল।