চীনে চন্দ্ৰলৈ প্ৰেৰণ কৰিছে এখন নতুন মহাকাশযান। শুকুৰবাৰে হাইনান প্ৰদেশৰ পৰা লং মাৰ্চ ৫ চাং-৬ ৰকেটত সফলতাৰে উৎক্ষেপণ কৰা হয় । ভাৰতৰ চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তানেও চীনৰ এই অভিযানৰ সহায়ত চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰিব ৷ পাকিস্তানে প্ৰথম চন্দ্ৰ উপগ্ৰহ চন্দ্ৰলৈ প্ৰেৰণ কৰিছে । চীনৰ অভিযানৰ লগতে এই উপগ্ৰহটো প্ৰেৰণ কৰা হৈছে।
পাকিস্তানে চন্দ্ৰলৈ প্ৰেৰণ কৰা কৃত্ৰিম উপগ্ৰহটোৰ নাম আইকিউব কামাৰ । ইয়াৰ পূৰ্বে পাকিস্তানে মহাকাশলৈ বহুতো কৃত্ৰিম উপগ্ৰহ প্ৰেৰণ কৰিছিল যদিও চন্দ্ৰলৈ কোনো কৃত্ৰিম উপগ্ৰহ প্ৰেৰণ কৰিব পৰা নাছিল।
পাকিস্তানৰ মহাকাশ প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানে দেশখনৰ মহাকাশ গৱেষণা সংস্থা ছুপাৰকো আৰু চীনৰ চাংহাই বিশ্ববিদ্যালয়ৰ সহযোগত এই কৃত্ৰিম উপগ্ৰহটো প্ৰস্তুত কৰিছে। এই উপগ্ৰহৰ প্ৰধান উদ্দেশ্য হৈছে চন্দ্ৰকেন্দ্ৰিক বৈজ্ঞানিক গৱেষণা, প্ৰযুক্তি বিকাশ আৰু মহাকাশ অন্বেষণৰ ক্ষেত্ৰত দেশৰ বিভিন্ন শৈক্ষিক পদক্ষেপ ত্বৰান্বিত কৰা।
আই এছ টিৰ ক’ৰ কমিটীৰ অন্যতম সদস্য খুৰৰাম খুৰশ্বিদে সদৰী কৰা অনুসৰি পাঁচ দিনৰ ভিতৰত চীনৰ অভিযানৰ লগত সংগী পাকিস্তানৰ আইকিউব কামাৰে চন্দ্ৰৰ কক্ষপথত উপনীত হ’ব। তিনিৰ পৰা ছমাহলৈকে সেই উপগ্ৰহটো তাতেই থাকিব। ই চন্দ্ৰক প্ৰদক্ষিণ কৰাৰ সময়ত বিভিন্ন তথ্য সংগ্ৰহ কৰিব। যিটো পাকিস্তানৰ মহাকাশ গৱেষণাৰ বাবে উপযোগী হ’ব।
ইয়াৰ পূৰ্বে পাকিস্তানে চন্দ্ৰৰ ওচৰত কোনো উপগ্ৰহ বা কৃত্ৰিম উপগ্ৰহ প্ৰেৰণ কৰা নাই। ফলত তেওঁলোকৰ চন্দ্ৰৰ কোনো প্ৰতিচ্ছবি নাই। এই অভিযানৰ জৰিয়তে পাকিস্তানে লাভ কৰিব চন্দ্ৰৰ নিজস্ব কিছু ছবি। যিটো তেওঁলোকে চন্দ্ৰ গৱেষণাত ব্যৱহাৰ কৰিব পাৰে।
পাকিস্তানৰ উপগ্ৰহটোক চন্দ্ৰৰ কক্ষপথত ৰাখি আৰু আগবাঢ়ি যাব চীনৰ চাং-৬। চাং-৬ চন্দ্ৰৰ মাটি আৰু শিল সংগ্ৰহ কৰি পৃথিৱীলৈ ঘূৰাই আনিব। এই ধৰণৰ চন্দ্ৰ অভিযান পৃথিৱীৰ ভিতৰতে প্ৰথম। চীনৰ এই অভিযানৰ লগে লগে কেৱল পাকিস্তানে নহয়, কেইবাখনো দেশৰ পেলোডো চন্দ্ৰলৈ ৰাওনা হৈছে। চাং-৬-এ ফ্ৰান্স, ইটালী, ছুইডেনৰ পৰাও চন্দ্ৰলৈ বৈজ্ঞানিক যন্ত্ৰপাতি কঢ়িয়াই লৈ গৈছে ৷