ধৰ্ষণকাৰীৰ বিৰুদ্ধে পাকিস্তানে পাকিস্তানৰ চৰকাৰে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। ধৰ্ষণ কাৰ্য্যক ৰোধ কৰিবলৈ এখন কঠোৰ আইন বলবৎ কৰিবলৈ সিদ্ধান্ত লৈছে।
একাধিকবাৰ ধৰ্ষণৰ গোচৰত অভিযুক্তসকলৰ বাধ্যতামূলক ৰাসায়নিক বন্ধ্ৰাকৰণ কৰাৰ বাবে আইন প্ৰণয়ন কৰে। পাকিস্তানৰ সংসদে এই আইনক অনুমোদন জনায়।
পাকিস্তানত দ্ৰুত গতিত বৃদ্ধি পোৱা নাৰী, শিশুজনিত অপৰাধৰ বিৰুদ্ধে কঠোৰ আইন প্ৰণয়নৰ বাবে বিভিন্ন সংগঠনৰ দ্বাৰা বহু দিনৰ পৰা দেশজুৰি প্ৰতিবাদ সাৰ্বস্ত কৰা হৈছিল। অৱশেষত সম্পূৰ্ণ এবছৰৰ মূৰত পাকিস্তানৰ সংসদে আইনখন অনুমোদন জনাই জনসাধাৰণৰ মাজলৈ এক সকাহ কঢ়িয়াই আনে।
উল্লেখযোগ্য যে এই আইনখন পাকিস্তানৰ ৰাষ্ট্ৰপতি আলিফ আলভীয়ে এবছৰৰ পূৰ্বেই অনুমোদন জনাইছিল।