ৰাজ্যত ছমাহৰ ভিতৰতে অনুষ্ঠিত হ’ব পঞ্চায়ত নির্বাচন ৷ এই কথা সদৰী কৰিছে ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে ৷ আজি সংবাদ মাধ্যমৰ সন্মুখত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেওঁ কয় যে
পঞ্চায়ত নির্বাচন ৰাজ্যিক নির্বাচন আয়োগে অনুষ্ঠিত কৰে ৷ বিধানসভা আৰু লোকসভা সমষ্টিৰ পুনৰ গঠন হোৱাৰ পাছত বহু পঞ্চায়ত আৰু জিলা পৰিষদৰ সীমা সলনি হৈছে ৷ যাৰ বাবে পঞ্চায়তৰ পুনৰ গঠনৰ প্ৰয়োজন আছে ৷ পুনৰ গঠনৰ বাবে জিলাসমূহৰ আয়ুক্তক অধ্যক্ষ হিচাপে আৰু জিলা পৰিষদৰ বিষয়াক সদস্য সচিব হিচাপে লৈ এখন কমিটী গঠন কৰি দিছো ৷ সেয়েহে সমষ্টিৰ পুনৰ গঠন হোৱাৰ পাছতে নির্বাচন আনুষ্ঠিত কৰা হ’ব বুলি তেওঁ প্ৰকাশ কৰে ৷
তেওঁ লগতে কয় –“ লোকসভা নির্বাচন সমাগত ৷ লোকসভা নির্বাচনৰ পাছত পঞ্চায়ত নির্বাচন অনুষ্ঠিত কৰিম ৷ সাংবিধানিক বিধি অনুযায়ী কার্যকাল শেষ হোৱাৰ ছমাহৰ ভিতৰত নির্বাচন অনুষ্ঠিত কৰিব লাগে ৷ আমাৰ হাতত পর্যাপ্ত সময় আছে ৷ নতুন ভোটাৰ তালিকা পালেই আমি নির্বাচন অনুষ্ঠিত কৰিম ৷ এই অন্তৱর্তীকালীন সময়ৰ বাবে পঞ্চায়তৰ সকলো সা-সম্পত্তি জিলা আয়ুক্তসকলক গটাই দিয়া হৈছে ৷ ছমাহৰ ভিতৰত নির্বাচন অনুষ্ঠিত নকৰিলে পঞ্চদশ বিত্তীয় আয়োগৰ অনুদান লাভ কৰাৰ পৰা বঞ্চিত হ’ব লাগিব ৷ “
অৱশ্যে পঞ্চায়ত পুনৰ গঠন হ’লেও পঞ্চায়ত বৃদ্ধি কৰাৰ সিদ্ধান্ত লোৱা নাই বুলি তেওঁ উল্লেখ কৰে ৷ লক্ষণীয় যে যোৱা ৪ ফেব্ৰুৱাৰীত ৰাজ্যৰ পঞ্চায়তসমূহৰ কার্যকাল অন্ত পৰিছে ৷