বিদ্যালয়ৰ পাঠ্যক্ৰম সংশোধনৰ বাবে ৰাষ্ট্ৰীয় শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ(এনচিইআৰটি)-এ গঠন কৰা সমাজ বিজ্ঞানৰ এখন উচ্চস্তৰীয় সমিতিয়ে পাঠ্যপুথিত ‘ইণ্ডিয়া’ নামটোৰ ঠাইত ‘ভাৰত’ শব্দ ব্যৱহাৰৰ পৰামর্শ আগবঢ়াইছে ৷ তদুপৰি পৌৰাণিক বুৰঞ্জীৰ পৰিৱর্তে ধ্ৰুপদী বুৰঞ্জীৰ প্ৰৱৰ্তনৰ পৰামৰ্শ আগবঢ়াইছে কমিটীখনে ৷ বুধবাৰে কমিটীৰ অধ্যক্ষ চি আই ইছাকে এই কথা সদৰী কৰে ।
ইছাকে কয় যে সাতজনীয়া সমিতিখনে সৰ্বসন্মতিক্ৰমে এই পৰামর্শ আগবঢ়াইছে ৷সংবিধানৰ ১(১) অনুচ্ছেদত ইতিমধ্যে উল্লেখ আছে “ইণ্ডিয়া অৰ্থাৎ ভাৰত যুক্তৰাষ্ট্ৰ ৷ভাৰত এটা যুগ যুগ ধৰি চলি অহা নাম। ভাৰত নামৰ ব্যৱহাৰৰ উল্লেখ বিষ্ণু পুৰাণৰ দৰে প্ৰাচীন গ্ৰন্থত পোৱা যায় ৷ যিটো ৭,০০০ বছৰ পুৰণি বুলিও ইছাকে কয়।
তেওঁ কয়, ‘ইষ্ট ইণ্ডিয়া কোম্পানী প্ৰতিষ্ঠা আৰু ১৭৫৭ চনত পলাশীৰ যুদ্ধৰ পিছতহে ইণ্ডিয়া শব্দটো সাধাৰণভাৱে ব্যৱহাৰ হ’বলৈ আৰম্ভ কৰে।“ সেয়েহে সমিতিখনে সৰ্বসন্মতিক্ৰমে ‘ভাৰত’ নামটো শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ পাঠ্যপুথিত ব্যৱহাৰ কৰিবলৈ পৰামৰ্শ দিছে বুলি ইছাকে কয়।
চৰকাৰে প্ৰেছিডেণ্ট অৱ ইণ্ডিয়াৰ পৰিৱৰ্তে প্ৰেছিডেণ্ট অৱ ভাৰত বুলি জি-২০ৰ নিমন্ত্ৰণী পত্ৰ প্ৰেৰণ কৰাৰ পিছতে প্ৰথমে আনুষ্ঠানিকভাৱে ভাৰত নামটো প্ৰকাশ পাইছিল। পিছত নতুন দিল্লীত অনুষ্ঠিত সন্মিলনৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নামফলকতো ইণ্ডিয়াৰ সলনি ‘ভাৰত’ লিখা আছিল।
ইছাকে আৰু কয় যে ২০২১ চনত এনচিইআৰটিয়ে বিভিন্ন বিষয় আৰু বিষয়বস্তুৰ ওপৰত পজিচন পেপাৰ প্ৰস্তুত কৰিবলৈ গঠন কৰা ২৫খন কমিটীৰ ভিতৰত অন্যতম কমিটীখনে আৰু পাঠ্যপুথিত ‘প্ৰাচীন ইতিহাস’ৰ পৰিৱৰ্তে ‘ক্লাছিকেল হিষ্ট্ৰী’ৰ প্ৰৱৰ্তনৰ পৰামৰ্শ আগবঢ়াইছে।
তেওঁ কয় যে বৃটিছে ভাৰতীয় ইতিহাসক প্ৰাচীন, মধ্যযুগীয় আৰু আধুনিক ভাগত বিভক্ত কৰি ভাৰতক বৈজ্ঞানিক জ্ঞান আৰু প্ৰগতিৰ বিষয়ে অজ্ঞাত বুলি প্ৰতিষ্ঠা কৰিছিল ।সেয়েহে ভাৰতীয় ইতিহাসৰ ধ্ৰুপদী যুগটো মধ্যযুগীয় আৰু আধুনিক যুগৰ লগতে বিদ্যালয়ত পাঠদান কৰিবলৈ পৰামৰ্শ দিছে বুলিও তেওঁ প্ৰকাশ কৰে ।
তেওঁ কয় যে কমিটীয়ে পাঠ্যপুথিত “হিন্দু বিজয়”ৰ ওপৰত আলোকপাত কৰাৰ পৰামৰ্শও আগবঢ়াইছে। ইয়াৰ উপৰিও সকলো বিষয়ৰ পাঠ্যক্ৰমত ভাৰতীয় জ্ঞান ব্যৱস্থা (IKS) প্ৰৱৰ্তনৰ বাবেও কমিটীয়ে পৰামৰ্শ আগবঢ়াইছে।
ৰাষ্ট্ৰীয় শিক্ষা নীতি (এন ই পি) ২০২০ৰ লগত সংগতি ৰাখি বিদ্যালয়ৰ পাঠ্যপুথিৰ পাঠ্যক্ৰম সংশোধন কৰি এন চি ই আৰ টিয়ে শেহতীয়াকৈ পাঠ্যক্ৰম, পাঠ্যপুথি আৰু শিক্ষণ সামগ্ৰী চূড়ান্ত কৰিবলৈ ১৯ জনীয়া ৰাষ্ট্ৰীয় পাঠ্যক্ৰম আৰু পাঠদান শিক্ষণ সামগ্ৰী সমিতি গঠন কৰিছে ৷