যোৱা ৮ জানুৱাৰী ২০২৪ত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত দৰ্শকৰ বিপুল সমাদৰ লাভ কৰা গুৱাহাটীৰ ইত্যাদি উত্তৰ পূৰ্বাঞ্চল সাংস্কৃতিক মঞ্চৰ নাট্যদলে আমন্ত্ৰণক্ৰমে অহা ৯ ফ্ৰেব্ৰুৱাৰী ২০২৪,তাৰিখে অসম চৰকাৰৰ শিক্ষামন্ত্ৰী তথা ধেমাজিৰ বিধায়ক ডা:ৰনোজ পেগুৰ পৃষ্ঠপোষকতাত ধেমাজিৰ ৰাজহুৱা প্ৰেক্ষাগৃহত পংকজ গোস্বামীৰ পৰিচালনাৰে পৰিবেশন কৰিব নাট্যকাৰ, নটসূৰ্য ফণী শৰ্মাৰ কালজয়ী নাট ‘ভোগজৰা’৷
উল্লেখনীয় যে সদৌ অসম পদ্মনাথ গোহাঞি বৰুৱা সোঁৱৰণী একাংক নাট প্ৰতিযোগিতা সমিতিৰ উদ্যোগত অসম চৰকাৰৰ শিক্ষামন্ত্ৰী তথা ধেমাজিৰ বিধায়ক ডা:ৰনোজ পেগুৰ পৃষ্ঠপোষকতাত তিনি দিনীয়াকৈ অনুষ্ঠিত হ’বলগীয়া উক্ত নাট সমাৰোহত প্ৰথম দিনটোত অৰ্থাৎ ৮ফেব্ৰুৱাৰীত পৰিবেশন কৰা হ’ব অমিত পাঠকৰ পৰিচালনাৰে মুম্বাইৰ ‘অংগনা’ৰ ‘ফীৰ মেনে ৱহ স্বপনা দেখা’ শীৰ্ষক নাটৰ লগতে গুৱাহাটীৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ পৰিৱেশ্য কলা বিভাগৰ দ্বাৰা পৰিবেশিত নাট ‘পৰশুৰাম’৷ অসমৰ এগৰাকী স্বনামধন্য নাট্যকাৰ প্ৰয়াত অৰুণ শৰ্মা ৰচিত নাটখনৰ পৰিচালনা ৰূপান্তৰ বৰপাত্ৰ গোঁহাইৰ ৷
আনহাতে নাট সমাৰোহৰ অন্তিম দিনটোত অৰ্থাৎ ১০ফেব্ৰুৱাৰীত নিৰ্মল দাসৰ ৰচনা আৰু পৰিচালনাৰে প্ৰদৰ্শন কৰা হ’ব বৰপেটাৰ ‘মুখা’ নিবেদিত ‘সুদৰ্শন চক্ৰ’ আৰু পংকজ চেতিয়াৰ পৰিচালনাৰে ধেমাজিৰ মেকবেথ নিবেদিত, নাট্যকাৰ ড০ প্ৰাঞ্জল বুঢ়গোঁহাইৰ ‘শৰাইঘাট’ শীৰ্ষক নাটখন ৷
সেয়েহে ৯ ফ্ৰেব্ৰুৱাৰীত ‘ভোগজৰা’ উপভোগ কৰি অভিনেতা সকলক উৎসাহিত কৰাৰ লগতে নাট সমাৰোহৰ তিনিও দিনেই ধেমাজিৰ তথা অসমৰ সমূহ নাট্যপ্ৰেমী ৰাইজৰ উপস্থিতি কামনা কৰিছে ইত্যাদিৰ বিষয়ববীয়া তথা নাট সমাৰোহ উদযাপন সমিতিয়ে