ওপজা ঘৰখনেই আছিল সংগীতৰ প্ৰাণকেন্দ্ৰ। পিতৃ মাতৃ আছিল অসমবাসীৰ নয়নৰ মণি।সেয়াই হয়তো আছিল তেওঁৰ প্ৰেৰণা । যাৰ বাবে তেওঁ সংগীতৰ ক্ষেত্ৰখনত লাভ কৰিছিল সুখ্যাতি । দেশে বিদেশে উজলাই তুলিছে অসমৰ নাম। সেইজন বিশিষ্ট শিল্পী হৈছে অংগৰাগ পাপন মহন্ত ।আজি পাপনৰ ওপজা দিন।
ৰাজ্যৰ বিভিন্ন প্ৰান্তত তেওঁৰ অনুৰাগীয়ে পালন কৰিব প্ৰিয় শিল্পীগৰাকীৰ জন্মদিন। ১৯৭৫ চনৰ ২৪ নৱেম্বৰৰ দিনা জন্মগ্ৰহণ কৰিছিল অংগৰাগ মহন্তই।
তেওঁৰ প্ৰকৃত নাম অংগৰাগ যদিও পাপন বুলিহে জনাজাত । পিতৃ তথা বিহুগীতৰ সম্ৰাট খগেন মহন্ত আৰু মাতৃ অৰ্চনা মহন্তৰ পদাংক অনুসৰণ কৰিয়েই তেওঁ সংগীতত সোমাই পৰে। তেওঁৰ প্ৰথম একক এলবাম জোনাকী ৰাতি ।কিন্তু প্ৰথমে স্নিগ্ধ জোনাক নামৰ এলবামৰ এটি গীতত কণ্ঠদান কৰিছিল।
১৯৯৮ চনৰ পৰাই তেওঁ সাংগীতিক যাত্ৰা আৰম্ভ কৰি বৰ্তমান তেওঁ এগৰাকী আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ শিল্পী হিচাপে খ্যাতি লাভ কৰিবলৈ সক্ষম হৈছে।
অসমৰ বিহুক আন্তৰ্জাতিক পৰ্যায়ত উপস্থাপন কৰাত পাপনৰ আছে বিশেষ অৰিহণা। বিদেশৰ মানুহক বিহু গাই নচুৱাত সিদ্ধহস্ত পাপন।
ভালেসংখ্যক হিন্দী ছবি,এলবামত কণ্ঠদান কৰি শিল্পীগৰাকীয়ে নিজৰ প্ৰতিভাৰ পৰিচয় দিছে। বলিউডৰ চুলতান,ৰেইড,বৰফি,বজৰংগী ভাইজান আদি ছবিত কণ্ঠদান কৰিছে ।