জনপ্ৰিয় কণ্ঠশিল্পী অংগৰাগ মহন্ত(পাপন)ক কিছুদিন পূৰ্বে মুম্বাইৰ কোকিলাবেন ধীৰুভাই আম্বানী চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। কণ্ঠশিল্পীগৰাকীয়ে চিকিৎসালয়ৰ বিচনাত চিকিৎসাধীন হৈ থকা এখন ছবি পোষ্ট কৰিছে ৷তেওঁৰ পুত্ৰ পোহৰে তেওঁক হাস্পতালত সংগ দিয়াৰ থতও শ্বেয়াৰ কৰিছিল ৷ প্ৰায় তিনিদিন ধৰি চিকিৎসালয়ত থকা কণ্ঠশিল্পীগৰাকীক ঘৰলৈ যাবলৈ দিয়া হয়। চিকিৎসালয়ৰ পৰা ৰিলিজ পোৱাৰ পিছতো তেওঁক বিভিন্ন ধৰণৰ খোৱা-বোৱাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে।
দেওবাৰে শিল্পীগৰাকীয়ে বিমানবন্দৰৰ পৰা এখন ছবি পোষ্ট কৰি লিখিছিল, “কামলৈ কামলৈ পুনৰ ওভতিছো ৷ এই কঠিন সময়ত মোৰ বাবে প্ৰাৰ্থনা কৰা সকলোকে ধন্যবাদ। ইমান মৰম পাই মই নিজকে ভাগ্যৱান বুলি অনুভৱ কৰোঁ। বাহিৰৰ খাদ্য নিখাবলৈ চিকিৎসকে মানা কৰিছে ৷”গতিকে গায়কজনে কয় যে তেওঁ ভাত আৰু দাইল, খিচাৰি খাই দিন পাৰ কৰিছে ৷
চিকিৎসালয়ত থকা দিনকেইটাত তেওঁৰ ১৩ বছৰীয়া পুত্ৰ পোহৰে দিনে নিশাই তেওঁৰ যত্ন লৈছিল। তেওঁ এটা আৱেগিক পোষ্টত লিখিছে, ‘এনে সৰু সৰু যুদ্ধত আমি অকলে যুঁজ দিওঁ। মই ব্যক্তিগতভাৱে এনে ঘটনা ছ’চিয়েল মিডিয়াত শ্বেয়াৰ নকৰো। কিন্তু যোৱা (বৃহস্পতিবাৰ) নিশাটো আছিল বেলেগ। মোৰ ১৩ বছৰীয়া পুত্ৰই প্ৰথমবাৰৰ বাবে গোটেই ৰাতিটো চিকিৎসালয়ত কটালে। এইটো যথেষ্ট আৱেগিক মুহূৰ্ত।” গতিকে বন্ধু-বান্ধৱী আৰু শুভাকাংক্ষীসকলৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছে।