বিশিষ্ট সাংবাদিক প্ৰশান্ত ৰাজগুৰুক আজি প্ৰদান কৰা হয় পৰাগ কুমাৰ দাস সাংবাদিকতা বটাঁ ৷ প্ৰয়াত সাংবাদিক পৰাগ কুমাৰ দাসৰ মৃত্যবার্ষিকীৰ লগত সংগতি ৰাখি গুৱাহাটী প্ৰেছ ক্লাৱত আয়োজন কৰা এক অনুষ্ঠানত তেওঁক এই বটাঁ প্ৰদান কৰা হয় ৷ বিশিষ্ট বিজ্ঞানী ডঃ দীনেশ চন্দ্ৰ গোস্বামীয়ে ৰাজগুৰুক এই বটাঁ প্ৰদান কৰে ৷ পৰাগ কুমাৰ দাস সতীর্থ মঞ্চই প্ৰদান কৰা এই বটাঁত আছে এটা স্মাৰক , এখন সম্বর্ধনা পত্ৰ আৰু নগদ ২৫ হেজাৰ টকা ৷ বটাঁ গ্ৰহণ কৰি দিয়া ভাষণত ৰাজগুৰুৱে কয় – ‘ মই পোনপ্ৰথমে আজিৰ দিনটোত মোৰ অগ্ৰজ পৰাগ কুমাৰ দাসলৈ শ্ৰদ্ধা জ্ঞাপন কৰিছো ৷ পৰাগ কুমাৰ দাৰ নাম বিজড়িত যি পুৰস্কাৰ প্ৰদান কৰা হৈছে , সেই পুৰস্কাৰ মোক দিয়াৰ বাবে বাচনি কমিটীৰ সদস্যলৈ মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো ৷ বটাঁ বাহন মই আগতেও পাইছো আৰু মোৰ কামতকৈ বেছিকৈ পাইছো ৷ সিমান বঁটা বাহন পোৱাৰ যোগ্য মানুহ মই নহয় ৷ কিন্তু পৰাগ কুমাৰ দাস নাম বিজড়িত থকা এই বটাঁটো মোৰ বাবে সর্বোচ্চ সন্মান ৷ মই আন্তর্জাতিক সন্মানো পাইছো ৷ সেই সন্মানে ইমান আপ্লুত কৰিব পৰা নাই , যিমান পৰাগ কুমাৰ দাসৰ নামত থকা বটাঁটো পাই মই গৌৰৱ অনুভৱ কৰিছো ৷ মই তাতোকৈ ভাল পালোহেতেন যদি আজি পৰাগ দাস আমাৰ মাজত থাকিলেহেতেন আৰু তেওঁ নিজে জুৰী ব’র্ডৰ সদস্য হৈ মোৰ নাম প্ৰস্তাৱ কৰিলেহেতেন ৷ তাতকৈ মোক আৰু আন একো নালাগিলহেতেন ৷ তাতোকৈ ভাল লাগিলহেতেন যদিহে তেওঁক আমি সকলোৱে গোট খাই এটা বঁটা দিব পাৰিলোহেতেন ৷ কিন্তু তেওঁ সেই বটালৈ ৰৈ নাথাকিল ৷” তেওঁ লগতে কয় যে পৰাগ কুমাৰ দাসক স্মৰণ কৰাৰ সুযোগ তেওঁ আগতেও পাইছো ৷ কিন্তু ইমান বিষাদগ্ৰস্ততাৰ মাজেৰে পৰাগ দাসক স্মৰণ কৰিব লগীয়া হোৱা নাছিল ৷ এই প্ৰসংগত ৰাজগুৰুৱে পুনৰ কয় =” আজি কিছুদিন ধৰি মোৰ দৰে কিছুমান মানুহক এক অজান বিষাদগ্ৰস্ততাই লগ দিছে ৷ আমি ঠিকে আছো, নিয়মিত জীৱন যাপন কৰি আছো , পৰিয়ালো ঠিকে আছে ৷ আমাৰ অন্য একো অসুবিধা হোৱা নাই ৷ কিন্তু আমি সন্মুখত দেখি আছো যে সমাজখন, দেশখন কোনফালে গৈ আছে আৰু আমাৰ অসহায় অৱস্থা ৷ এই বিষাদগ্ৰস্ততাই মোৰ দৰে আন বহুতক খেদি ফুৰিছে ৷ আজি যদি পৰাগ কুমাৰ দাস জীয়াই থাকিলেহেতেন তেওঁকো এই বিষাদগ্ৰস্ততাই লগ দিলেহেতেন ৷ আৰু আজিৰ সাংবাদিকতাত যিবোৰ অভাৱ মই প্ৰতি পলে পলে অনুভৱ কৰো যদি পৰগ কুমাৰ দাস আজি জীয়াই থাকিলেহেতেন আৰু তেও এখন বাতৰি কাকতৰ সম্পাদক হ’লহেতেন তাত কি আলোচনা হ’লহেতেন ৷ তাত আলোচনা হ’লহেতেন দেশখনত যি সাম্প্ৰদায়িক মেৰু বিভাজন চলিছে, সমাজখনত যি মেৰু বিভাজন চলিছে তাৰ বিৰুদ্ধে জনমত গঠন কৰাৰ দায়িত্ব পৰাগ দাসে ল’লেহেতেন ৷ জলবায়ু পৰিৱর্তনৰ ওপৰত ধাৰাষাৰ নির্বিচাৰ আলোচনা হ’লহেতেন ৷ কিন্তু সেইবোৰ বিষয়ত বাতৰি কাকত টেলিভিছনত কোনো স্থান নাই ৷’ আজিৰ অনুষ্ঠানতে বিশিষ্ট নাট্যকাৰ মহেন্দ্ৰ বৰঠাকুৰৰ পত্নী বিবি বৰঠাকুৰক সম্বর্ধনা জ্ঞাপন কৰা হয় ৷ পৰাগ কুমাৰ দাস’স্মাৰক বক্তৃতা প্ৰদান কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ নৃতত্ত বিভাৰ মুৰব্বী অধ্যাপক দ্বীপেন বেজবৰুৱাই ৷