অসাধাৰণ কামেৰে সমাজত নিজৰ নাম উজলাবলৈ সক্ষম হোৱা ভাৰতৰ প্ৰথম গৰাকী মহিলা মাউত পার্বতী বৰুৱাক প্ৰদান কৰা হ’ল পদ্মশ্ৰী বঁটা ৷ নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত বৃহস্পতিবাৰে আয়োজিত এক গাম্ভীর্যপূর্ণ অনুষ্ঠানত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুর্মুৱে তেওঁক এই সন্মান প্ৰদান কৰে ৷ সামজ সেৱাৰ বাবে তেওঁক পদ্মশ্ৰী বঁটা প্ৰদান কৰা হৈছে ৷
১৪ বছৰ বয়সতে কচুগাঁৱৰ অৰণ্যত প্ৰথম হাতী এটাক সফলতাৰে পোহনীয়া কৰি তোলাৰ পৰাই তেওঁৰ এই যাত্ৰা আৰম্ভ হৈছিল। বছৰ বছৰ ধৰি তেওঁ ৫০০ৰো অধিক হাতীক বশ কৰিবলৈ সক্ষম হৈছে ৷ পৰম্পৰাগত কৌশল ব্যৱহাৰ কৰি ট্ৰেংকুলাইজাৰ বন্দুকৰ ব্যৱহাৰ নকৰাকৈ বন্য হাতী ধৰিবলৈ সক্ষম হৈছে পার্বতী বৰুৱাই ।
অসমৰ গৌৰীপুৰৰ ৰাজপৰিয়ালত বৰুৱাই ১৯৫৩ চনৰ ১৪ মাৰ্চত জন্মগ্ৰহণ কৰিছিল ৷ হাতী বশ কৰাৰ ক্ষেত্ৰত তেওঁৰ উল্লেখযোগ্য কৃতিত্বৰ বাহিৰেও সমগ্ৰ অসম, কেৰালা, পশ্চিমবংগ, উত্তৰাঞ্চল, উত্তৰ প্ৰদেশৰ মানুহ-হাতী সংঘাত লাঘৱ কৰাত বৰুৱাই যথেষ্ট সহায় কৰিছে। বন বিষয়াসকলৰ সৈতে ঘনিষ্ঠভাৱে সহযোগিতা কৰি মাউত আৰু ক্ষেত্ৰ কৰ্মচাৰীসকলক বনৌষধি চিকিৎসা আৰু প্ৰশিক্ষণ প্ৰদান কৰিছে, যিয়ে বন্যপ্ৰাণীৰ প্ৰত্যাহ্বান সমাধানত যথেষ্ট অৰিহণা যোগাইছে।
উল্লেখযোগ্য যে থাইলেণ্ডৰ বেংককত ২০০১ চনত খাদ্য আৰু কৃষি সংস্থাই (FAO) আয়োজন কৰা পোহনীয়া এছিয়ান হাতী সম্পৰ্কীয় আন্তঃৰাষ্ট্ৰীয় কৰ্মশালাত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল তেওঁ । অসম গৌৰৱ বঁটা (২০২৩) আৰু ৰাষ্ট্ৰসংঘৰ পৰিৱেশ কাৰ্যসূচীৰ “গ্ল’বেল ৫০০ – ৰোল অৱ অনাৰ” (১৯৮৯)কে ধৰি বহুতো বটাঁ তেওঁ লাভ কৰিছে ৷