সূর্যৰ পৃষ্ঠ স্পর্শ কৰি আন এক অভিলেখ ৰচনা কৰিলে নাছাৰ মহাকাশযানে ৷ নাছাৰ পার্কাৰ ছ’লাৰ প্ৰব নামৰ মহাকাশযানখনে স্পর্শ কৰিবলৈ সক্ষম হৈছে সূর্যৰ পৃষ্ঠ ৷ সূর্যৰ পৃ্ঠ স্পর্শ কৰা এইখন হৈছে প্ৰথমখন মহাকাশযান ৷
ইয়াৰ পুর্বে আইকাৰাচ নামৰ এখন মহাকাশযান সূর্য পষ্ঠ স্পর্শ কৰিবলৈ সক্ষম হৈছিল যদিও সেই মহাকাশযানখন ধ্বংসপ্ৰাপ্ত হৈছিল ৷ কিন্তু পার্কাৰ ছ’লাৰ প্ৰব নামৰ মহাকাশযান খনে সূর্যৰ পৃ্ষ্ঠ স্পর্শ কৰাৰ পাছত কোনোধৰণৰ ক্ষতিগ্ৰস্ত হোৱা নাই ৷ অমেৰিকান জিঅ’ফিজিকেল ইউনিয়নৰ বৈঠকত বিজ্ঞানীসকলে মঙলবাৰে প্ৰকাশ কৰা অনুসৰি সূর্যৰ এতিয়লৈ অনুসন্ধান নোহোৱা স্তৰত প্ৰৱেশ কৰিবলৈ সক্ষম হৈছে মহাকাশযানখনে ৷
মহাকাশযানখনে প্ৰৱেশ কৰা এই স্তৰটোৰ নাম হৈছে কোৰোনা ৷ মহাকাশযানখনে কৰা অষ্টমবাৰৰ প্ৰচেষ্টাত এই স্তৰটোত প্ৰৱেশ কৰিবলৈ সক্ষম হয় ৷ যোৱা এপ্ৰিল মাহতে এই মহাকাশযানখনে স্তৰটোত প্ৰৱেশ কৰিছিল যদিও বিভিন্ন তথ্য বিশ্লেষনৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি এই কথা প্ৰকাশ কৰা হোৱা নাছিল ৷
ছ’লাৰ বিজ্ঞানৰ ক্ষেত্ৰত এয়া এক বৃহৎ সফলতা বুলি প্ৰকাশ কৰি নাছাই কয় যে চন্দ্ৰ পৃষ্ঠত অৱতৰনে চন্দ্ৰৰ গঠন সর্ন্দ্ভত বহু তথ্য পোহৰলৈ অনাত সহায় কৰিছিল ৷ সেইদৰে পার্কাৰ চ’লাৰ প্ৰবৰ সূর্য পৃ্ষ্ঠত প্ৰৱেশে সূর্যৰ পৃষ্ঠৰ বহু ৰহস্য পোহৰলৈ আনিব বুলি আশা প্ৰকাশ কৰা হৈছে ৷