যোৱা দেওবাৰে স্পাইচ জেট বিমান এছজি ৮১৬৯ (গুৱাহাটী)ৰ এজন যাত্ৰীক তেওঁ কৰা দুৰ্ব্যৱহাৰৰ বাবে বিমানৰ পৰা নমাই দিবলৈ বাধ্য হ’ল বিমান কৰ্তৃপক্ষ ৷ তেওঁৰ ব্যৱহাৰত ক্ষুন্ন হৈ বিমান খনে তেওঁক তেওঁৰ আসনৰ পৰা আতৰাই দিয়াৰ লগে লগেই এক বিশৃংখল পৰিবেশৰ সৃ্ষ্টি হয়৷ তেওঁক শান্ত কৰিবলৈ বাৰে বাৰে চেষ্টা কৰিও বিফল হোৱাৰ বাবে এই সিদ্ধান্তত উপনীত হ’বলগীয়া হয় বুলি বিমান কৰ্তৃপক্ষই জানিবলৈ দিয়ে৷ তেওঁক বিমানৰ পৰা নমোৱাৰ পিছত পুনৰ দিল্লী অভিমূখে যাত্ৰা আৰম্ভ কৰে এছজি ৮১৬৯ স্পাইচ জেট বিমান খনে৷