অহা ২০ অক্টোবৰৰ পৰা তেজপুৰৰ দাঁতিকাষৰীয়া ডেকাৰগাঁৱৰ পৰা অসম-অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী ভালুকপুঙলৈ এখন যাত্ৰীবাহী ৰে’ল চলাচল কৰিব বুলি উত্তৰ-পূব সীমান্ত ৰে’লৱেই জানিবলৈ দিছে।
২০ অক্টোবৰৰ পৰা সপ্তাহত পাঁচদিনকৈ চলিবলগীয়া এই ৰে’লখনৰ চলাচল বৃহস্পতিবাৰ আৰু ৰবিবাৰে বন্ধ থাকিব। ডেকাৰগাঁৱৰ পৰা ১১.১৫ বজাত যাত্রা আৰম্ভ কৰা ৰে’লখন ২ঘন্টা ৫মিনিট যাত্রা কৰাৰ পিছত অৰ্থাৎ ১.২০বজাত ভালুকপুঙত উপস্থিত হ’ব।