ৰাজ্যৰ সর্বত্ৰে ব্যাপক উন্নয়ন ঘটা বুলি ৰাজ্য চৰকাৰে ঢাকঢোল বজাই আহিছে ৷ প্ৰতিখন জিলাতে নির্মাণ কৰা হৈছে মেডিকেল কলেজ ৷ মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে উৰণ সেতুঁৰ পৰা আৰম্ভ কৰি বৃহৎ পথ নির্মাণ আঁচনি ৷ কিন্তু প্ৰকৃতার্থত সকলোৱে সা-সুবিধা লাভ কৰিছেনে ? উন্নত চিকিৎসা সেৱা-সূচল পথ যেন এতিয়াও সাধাৰণ লোকৰ বাবে অকল্পনীয় ৷ বহু অঞ্চলৰ লোক আজিও বঞ্চিত সাধাৰণ এম্বুলেঞ্চ সেৱাৰ পৰাও ৷ এম্বুলেঞ্চৰ অভাৱত ৰোগীক ঠেলাত উঠাই চিকিৎসালয়লৈ নিব লগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ সূচল পথ নথকাৰ বাবে লখিমপুৰ জিলাৰ দুৰ্গম অঞ্চল পানীগাঁৱ আমতলাৰ বন গাঁৱৰ এই ঘটনা সংঘটিত হৈছে ৷
প্ৰাপ্ত তথ্য অনুসৰি যোৱা কেইবাদিন ধৰি অসুস্থ হৈ আছে লক্ষীমাই দাস [৪৫] নামৰ মহিলা গৰাকী ৷কেও কিছু নোহোৱা এই মহিলা গৰাকীক কেইবাদিন ধৰি জ্বৰ-কাঁহ, বমি মূৰৰ বিষ আদিত আক্ৰান্ত হৈ চিকিৎসাৰ অভাৱত ঘৰৰ ভিতৰতে পৰি আছিল ৷ কিন্তু স্বাস্থ্যৰ অৱনতি ঘটাত উপায়ন্তৰ হৈ স্থানীয় লোকে ৰোগী গৰাকীক চিকিৎসালয়লৈ নিয়াৰ ব্যৱস্থা কৰে ৷ কোনো যান-বাহন চলাচল কৰিবলৈ সুচল পথ নথকা বন গাঁৱৰ পৰা লক্ষীমাই দাসক কেইবা কিলোমিটাৰ ঠেলাত উঠাই আনি অৱশেষত লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত সন্ধিয়া ভৰ্তি কৰায় ৷
স্থানীয় লোকসকলে অভিযোগ কৰা অনুসৰি কিছু দূৰলৈ আগুৱাই আহিবলৈ ১০৮ৰ লগত বহুবাৰ যোগাযোগ কৰিও ব্যৰ্থ হোৱাৰ পিছত অৱশেষত প্ৰথম অৱস্থাত লক্ষীমাই দাসক ঠেলাত আৰু তাৰ পিছত এখন ব্যক্তিগত বাহনত প্ৰায় ১৫ কিলোমিটাৰ দূৰত্বৰ লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰায়৷
বৃহত্তৰ আমতলা অঞ্চলৰ বনগাঁও, দোৱাৰপাৰ, শান্তিপুৰ, মলোৱাল, গামচুক আদিৰ লোকসকলে এনেদৰে যাতায়তৰ ক্ষেত্ৰত চৰম দুৰ্ভোগ ভুগি আহিছে ৷ বিশেষকৈ গৰ্ভৱতী মহিলাসকলে প্ৰায়েই এনে যাতনাৰ সন্মুখীন হৈ আহিছে ৷ যদিও কোনো এখন চৰকাৰেই বৃহত্তৰ আমতলা বাসীৰ দুৰ্দশাৰ অন্ত পেলাব নোৱাৰিলে৷