নেডাৰলেণ্ডৰ ৰাজপথত অলপতে দেখা পোৱা গৈছে এখন বিলাসী গাড়ী। ষ্টেলা ভিটা নামৰ সৌৰ শক্তিৰে চালিত গাড়ীখন প্ৰস্তুত কৰি উলিয়াইছে নেডাৰলেণ্ডৰ আইণ্ডহোভেন ইউনিভাৰচিটি অফ টেকন’লজিৰ ২২ জন শিক্ষাৰ্থীয়ে। বাহনখনে ইতিমধ্যে ইউৰোপৰ ৰাজপথত ২০০০ কিলোমিটাৰলৈকে চলিছে।
সৌৰশক্তি চালিত বাহনৰ উদ্ভাৱনে এসময়ত হয়তো জীৱাশ্ম ইন্ধনৰ পৰিপূৰক হিচাপে ব্যৱহৃত হ’ব। আকাশ লংঘী পেট্ৰল ডিজেলৰ মূল্যৰ মাজতে সৌৰ শক্তি চালিত বাহন উদ্ভাৱন সমগ্ৰ বিশ্বৰ বাবেই এক সুখবৰ।