ডাইনী হত্যাৰ দৰে অন্ধবিশ্বাসৰ বিৰুদ্ধে কাম কৰি অহা বিশিষ্ট সমাজকর্মী পদ্মশ্ৰী বিৰুবালা ৰাভা আৰু নাই ৷ আজি পুৱা ৯ বাজি ২৩ বজাত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে ৷ জিএমচিএইচৰ ৰাজ্যিক কর্কট প্ৰতিষ্ঠানত চিকিৎসাধীন অৱস্থাতে তেওঁ শেষ নিশ্বাস ত্যাগ কৰে ৷ বিগত কিছুদিন ধৰি তেওঁ হাস্পতালখনত চিকিৎসাধীন হৈ আছিল ৷
উল্লেখ্য যে পদ্মশ্ৰী ৰাভাই যোৱা দুটা দশক ধৰি অসমত প্ৰচলিত বিভিন্ন অন্ধবিশ্বাস যেনে ডাইনী হত্যা আদিৰ বিৰুদ্ধে জনসাধাৰণৰ মাজত সচেতনতা আনিবৰ বাবে চেষ্টা কৰি আহিছে। অসমত ডাইনী সন্দেহত আতিশয্যৰ মুখামুখি হোৱা বহু লোকক তেওঁ সহায় কৰাৰ লগতে পুনৰ সংস্থাপন কৰিছে ।সমাজসেৱাৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে তেওঁক ভাৰত চৰকাৰে ২০২১ চনত চতুৰ্থ সৰ্বোচ্চ অসামৰিক সম্মান পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰে।
গোৱালপাৰা জিলাৰ অসম–মেঘালয় সীমান্তৰ ঠাকুৰভিলা নামৰ এখন ভিতৰুৱা গাঁৱৰ এটি সাধাৰণ পৰিয়ালত ১৯৫৪ চনত বীৰুবালা ৰাভাৰ জন্ম হৈছিল। শৈশৱৰ ঘৰখনত বহু কষ্টেৰে ডাঙৰ-দীঘল হোৱা ৰাভাই মাত্ৰ পঞ্চম শ্ৰেণীলৈকে পঢ়া-শুনা কৰাৰ পাছতেই বিদ্যালয় এৰিবলগীয়া হৈছিল। তেওঁৰ বিবাহ হয় গোৱালপাৰা জিলাৰ ঠাকুৰভিলা গাঁৱৰ এগৰাকী কৃষকৰ সৈতে ৷
সৰুৰে পৰা বিভিন্ন সামাজিক কাম-কাজত জড়িত থাকি তেওঁ ভাল পাইছিল। ২০০০ চনৰ পৰাই তেওঁ সমাজত প্ৰচলিত ডাইনী প্ৰথাৰ বিৰুদ্ধে সৰৱ হৈ উঠিছিল।] প্ৰথমতে গোৱালপাৰা জিলাতে ডাইনী হত্যাৰ বিৰুদ্ধে জনসচেতনতা আনিবলৈ চেষ্টা কৰি যোৱা দুটা দশক ধৰি তেওঁ এই অন্ধবিশ্বাস আঁতৰ কৰিবলৈ সংগ্ৰাম কৰি আহিছে। ১৯৮৫ চনত তেওঁ ঠাকুৰভিলা মহিলা সমিতিৰ ছেক্ৰেটেৰী হিচাপে দায়িত্ব গ্ৰহণ কৰে। তাৰপিছত তেওঁ বিভিন্ন গাঁৱে ভূঁঞে গৈ ডাইনী হত্যাৰ দৰে অন্ধবিশ্বাসসমূহৰ বিষয়ে মানুহক সচেতন কৰিবলৈ চেষ্টা কৰি আহিছে।
বৰ্তমানলৈকে বিৰুবালা ৰাভাই বহুলোকৰ লোকৰ প্ৰাণৰক্ষা কৰিবলৈ সক্ষম হৈছে ৷ ২০১১ চনত ডাইনী হত্যাৰ বিৰুদ্ধে তেওঁ গোৱালপাৰা জিলাত মিছন বিৰুবালা নামেৰে এটা সংস্থা আৰম্ভ কৰে। ২০১২ চনৰ ৩০ অক্টোবৰত এই মিছনক ৰাজ্যিক অভিযান হিচাপে স্বীকৃতি দিয়া হয়। সমাজলৈ আগবঢ়োৱা বিশিষ্ট অৱদানৰ বাবে তেওঁক কেইবাটায়ো বঁটাৰে সন্মানিত কৰা হৈছে ৷ সৰ্বেশ্বৰ দত্ত সোঁৱৰণী বঁটা, ৰিলায়েঞ্চ ইণ্ডাষ্ট্ৰিজ লিমিটেডৰ মুম্বাইত সম্বৰ্ধনা], ২০১৯ বৰ্ষৰ “আনন্দৰাম ঢেকিয়াল ফুকন বঁটা”ৰ লগতে বহু বঁটাৰে তেওঁক সন্মানিত কৰা হৈছে ৷
তেওঁৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মাই ৷ মুখ্যমন্ত্ৰী গৰাকীয়ে এক শোকবার্তাত কয়-“ বৰেণ্য সত্তা বিৰুবালা ৰাভা বাইদেউৰ বিয়োগৰ বাতৰিত খুবেই মৰ্মাহত হৈছোঁ৷ ডাইনী হত্যাক সমাজৰ পৰা সম্পূৰ্ণৰূপে নিৰ্মূল কৰিবলৈ নিৰৱচ্ছিন্নভাৱে অহোপুৰুষাৰ্থ কৰি অহা সমাজ সংস্কাৰক পদ্মশ্ৰী বিৰুবালা ৰাভা বাইদেউৰ বিয়োগ অসমৰ সমাজ জীৱনৰ বাবে অপূৰণীয় ক্ষতি৷ তেখেতৰ বিদেহ আত্মাৰ চিৰশান্তিৰ অৰ্থে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ৷ অসমবাসীৰ অতি মৰমৰ বিৰুবালা ৰাভাৰ অন্ত্যেষ্টি ক্ৰিয়া সম্পূৰ্ণ ৰাজ্যিক মৰ্যাদাৰে কৰা হ’ব৷ আৰু এই বিষয়ত সকলো দিশ তদাৰক কৰিবলৈ কেবিনেট সতীৰ্থদ্বয় চন্দ্ৰমোহন পাটোৱাৰী আৰু জয়ন্ত মল্লবৰুৱাক দায়িত্ব প্ৰদান কৰা হৈছে ৷”