পুনৰ শান্তি আলোচনাৰ মেজলৈ আহিবলৈ ইচ্ছা প্ৰকাশ কৰিছে ৰাজ্যৰ আন এটা উগ্ৰবাদী সংগঠনে ৷এইবাৰ শান্তি আলোচনাৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছে কমতাপুৰ লিবাৰেচন অর্গেনাইজেচন চমুকৈ কে এল অ’ই ৷ প্ৰাপ্ত তথ্য অনুসৰি কে এল অ’ৰ শীর্ষ নেতৃত্বই ম্যানমাৰৰ পৰা আন উগ্ৰবাদী সংগঠনৰ সৈতে মিলি ৰাজ্যত উগ্ৰবাদী কার্যকলাপ চলাই আহিছে ৷ শেহতীয়াকৈ শীর্ষ নেতৃত্বই শান্তি আলোচনাৰ বাবে আগ্ৰহ প্ৰকাশ কৰি ৰাজ্য চৰকাৰলৈ বার্তা প্ৰৰণ কৰিছে ৷ ইতিমধ্যে কে এল অ’ৰ এই আগ্ৰহৰ প্ৰতি সঁহাৰি প্ৰদান কৰা পৰিলক্ষিত হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মাই ৷ এক টুইটৰ জৰিয়তে মুখ্যমন্ত্ৰী ডঃ শর্মাই কয় ‘অঞ্চলটোৰ শান্তিৰ বাবে ভাৰত চৰকাৰে চলাই অহা প্ৰচেষ্টাৰ অংশ হিচাপে মই অলোচনাৰ মেজলৈ আহিবলৈ কে এল অ’ই প্ৰকাশ কৰা আগ্ৰহক আদৰণি জনাইছো ৷ ৰাজনৈতিক আলোচনাৰ জৰিয়তে তেওঁলোকৰ সমস্যাসমুহ শীঘ্ৰে সমাধান কৰিবলৈ প্ৰচেষ্টা চলোৱা হ’ব ৷”
.
১৯৯৫ চনৰ ২৮ ডিচেম্বৰত এই উগ্ৰবাদী সংগঠনৰ জন্ম হৈছিল ৷ কমতাপুৰক স্বতন্ত্ৰ দেশ হিচাপে প্ৰতিষ্ঠা কৰিবলৈ এই সংগঠনটোৰ জন্ম হৈছিল ৷কমতাপুৰি ভাষাৰ সংৰক্ষনক অৱহেলা, নিবনুৱা সমস্যা , অর্থিক দূৰৱস্থা আদিৰ বাবে কে এল অ’ৰ জন্ম হৈছিল ৷