সুৰাৰ ৰাগীয় মাতাল হৈ একাংশ উদণ্ড যুৱক যুৱতীয়ে মহানগৰীত উদ্ভণ্ডালি কৰা ঘটনা সঘনাই সংঘটিত হৈ আহিছে ৷ সোমবাৰে নিশাও গুৱাহাটী মহানগৰীৰ এটা গেষ্ট হাউচত একাংশ যুৱক-যুৱতীয়ে সুৰাৰ ৰাগীত মাতাল হৈ উদ্ভণ্ডালি কৰে। সুন্দৰপুৰৰ লখিমী নগৰ পথত থকা ‘দ্য ড্রপ ইন’ নামৰ গেষ্ট হাউচটোত হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰে ৷একাংশ মাতাল যুৱক-যুৱতীয়ে মাজনিশালৈকে উচ্চস্বৰে গান বজোৱাৰ লগতে হুলস্থুল কৰে বুলি অভিযোগ তুলিছে ওচৰ-চুবুৰীয়া ৰাইজে। গেষ্ট হাউচটোৰ নিয়ম ভংগ কৰি তাত অধিক লোকৰ প্ৰৱেশ কৰা বুলিও অভিযোগ তোলে স্থানীয় লোকসকলে ।
ইফালে এই সমগ্ৰ ঘটনা সন্দৰ্ভত স্থানীয় আৰক্ষীয়ে উপযুক্ত তদন্ত নকৰা বুলি সচেতন ৰাইজে অভিযোগ কৰে। আৰক্ষীৰ ভূমিকাত ক্ষুব্ধ হৈ একাংশ ৰাইজে নিশা ঘটনাস্থলীত উপস্থিত হোৱা আৰক্ষীক ঘেৰাও কৰে। উল্লেখ্য যে এই সমগ্ৰ ঘটনা সন্দৰ্ভত ৰাইজে আৰক্ষীক অৱগত কৰিছিল। কিন্তু আৰক্ষীয়ে ৰাইজৰ অভিযোগৰ পিছতো ব্যৱস্থা নোলোৱাত অসন্তুষ্ট হৈছে স্থানীয় লোকসকল ৷