এক শোকাৱহ হেলিকপ্টাৰ দূর্ঘটনাত প্ৰাণ হেৰুওৱা ইৰাণৰ ৰাষ্ট্ৰপতি ইব্ৰাহিম ৰেইছিক শেষ বিদায় দিবলৈ ওলাই আিল হাজাৰ হাজাৰ লোক ৷ কালি ইৰাণ চৰকাৰে ঘোষণা কৰে যে দেশখনৰ উত্তৰ-পশ্চিম অংশত হোৱা হেলিকপ্টাৰ দুৰ্ঘটনাত ৰাষ্ট্ৰপতি ইব্ৰাহিম ৰাইছিৰৰ মৃত্যু হৈছে। সেই হেলিকপ্টাৰখনত তেওঁৰ লগত আছিল বৈদেশিক মন্ত্ৰী আৰু আন সাতজন লোক। দুৰ্ঘটনাটোত আটাইকেউজন লোকৰ মৃত্যু ঘটিছে । কালিৰে পৰা ইৰাণত আৰম্ভ হৈছে ৫ দিনীয়া শোক। অহা শুকুৰবাৰলৈকে দেশখনত ৰাষ্ট্ৰীয় শোক ঘোষণা কৰা হৈছে ৷
ইৰাণ চৰকাৰে আজি প্ৰকাশ কৰা অনুসৰি ৰাষ্ট্ৰপতিগৰাকীৰ অন্ত্যেষ্টিক্ৰিয়া তিনিদিনলৈ চলিব। ইয়াৰ প্ৰথম ভাগ আজিৰ পৰা আৰম্ভ হৈছে তাব্ৰিজ চহৰৰ পৰা। ইপিনে কাইলৈ তেহৰাণলৈ যাব ভাৰতৰ উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখৰ ৷ তেওঁ ৰেইছিৰ অন্ত্যেষ্টিক্ৰিয়াত অংশগ্ৰহণ কৰিব ।
আজি পুৱা তাব্ৰিজৰ ৰাজপথত হাজাৰ হাজাৰ শোকসন্তপ্ত লোকে শাৰী পাতি ৰাষ্ট্ৰপতিগৰাকীক শ্ৰদ্ধাঞ্জলি জনায়। কাইলৈ প্ৰয়াত ৰাষ্ট্ৰপতি আৰু বৈদেশিক মন্ত্ৰীৰ মৃতদেহকে ধৰি সকলো কফিন ৰাজধানী তেহৰাণৰ মেহৰাবাদ বিমানবন্দৰলৈ লৈ যোৱা হ’ব ৷কাইলৈ তেহৰাণত আন এক অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হ’ব। দেশৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ খামেনেই তাত উপস্থিত থকাৰ কথা। এই অনুষ্ঠানত খামেনেই বিশেষ প্ৰাৰ্থনাত অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে। ৰাষ্ট্ৰপতি গৰাকীৰ মৃত্যুত ভাৰততো চৰকাৰী শোক ঘোষণা কৰা হৈছে ৷
বৃহস্পতিবাৰে নিজৰ গৃহ চহৰ মছহাদত সমাধিস্থ কৰা হ’ব ৰেইচিক। ইৰাণ চৰকাৰে কয় যে যাত্ৰীসকলৰ হেলিকপ্টাৰখন কেনেদৰে দুৰ্ঘটনাগ্ৰস্ত হয় তাৰ তদন্ত অব্যাহত আছে। অৱশ্যে এই সন্দৰ্ভত এতিয়ালৈকে কোনো চূড়ান্ত সিদ্ধান্তত উপনীত হোৱা নাই তদন্তকাৰীয়ে। দেশৰ পৰৱৰ্তী ৰাষ্ট্ৰপতি কোন হ’ব সেইটো নিৰ্ণয় কৰিবলৈ অহা ২৮ জুনত নিৰ্বাচন অনুষ্ঠিত হ’ব