‘অসম চৰকাৰে আনুষ্ঠানিক ঘোষণাৰে সৈতে আমাক মেঘালয়ৰ সৈতে চামিল কৰক’ বুলি দাবী জনাইছে কামৰূপ জিলাৰ তাৰাবাৰীবাসী ৰাইজে ৷ তেওঁলোকৰ অভিযোগ যে বিগত বিশ বছৰ ধৰি তেওঁলোকে নিজৰ খৰচত যাতায়ত কৰি আছে ৷ কেৱল ভোট বিচৰাৰ সময়ত হে চৰকাৰৰ তেওঁ লোকলৈ মনত পৰে বুলি ক্ষোভ প্ৰকাশ কৰে তাৰাবাৰী বাসী ৰাইজে ৷ আপাৰ তাৰাবাৰী প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত কৰা এখন সভাত মেঘালয় আৰু অসমৰ দুয়োগৰাকী মন্ত্ৰী ,বকো সমষ্টিৰ বিধায়ক নন্দিতা দাস আৰু গাঁৱৰ গাওঁবুঢ়া উপস্থিত থাকে ৷ উক্ত সভাত গাওঁবুঢ়াই ভাষণ দিবলৈ আৰম্ভ কৰোতেই গাওঁবাসী ক্ষুব্ধ হৈ পৰে আৰু খঙত উত্তাল হৈ থকা ৰাইজে মন্ত্ৰী অতুল বৰাৰ সন্মূখত এটাৰ পিছত এটাকৈ ক্ষোভৰ উদ্গিৰণ ঘটায়৷ একাংশ গাওঁবাসীয়ে প্ৰচণ্ড হুংকাৰ তুলি কয় যে ‘গাৰোসকল অসমৰ লোক নহয় নেকি?’ বছৰ বছৰ জুৰি সীমান্তবৰ্তি মাটি আপাৰ তাৰাবাৰীৰ গাৰোসকলে ৰক্ষা কৰি আহিছে অথচ অসম চৰকাৰৰ পৰা তেওঁলোকে ইমান দিনে কোনো ধৰনে সা-সুবিধা পোৱা নাই আৰু সেয়েহে তেওঁলোকে অসম চৰকাৰক তেওঁলোকক মেঘালয় চৰকাৰৰ স’তে চামিল কৰিবৰ বাবে দাবী উত্থাপন কৰে৷